
দিল্লীৰ শ্বাহদৰা জিলাত চুৰি হোৱা বাইক আৰু স্কুটাৰ উদ্ধাৰৰ বাবে আৰক্ষীয়ে এক বৃহৎ অভিযান (Bike theif) চলাইছে। ১৮-২৫ নৱেম্বৰৰ ভিতৰত এক বিশেষ অভিযানত ১৮১ খন বাইক আৰু স্কুটাৰ উদ্ধাৰ কৰিছে। ৩৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

জানিব পৰা মতে, দীৰ্ঘদিন ধৰি শ্বাহদৰা জিলাত বাইক চুৰিৰ অভিযোগ উত্থাপন হৈ আহিছে। বিগত কেইমাহমানৰ পৰা বৃদ্ধি পাইছে চুৰিৰ হাৰো। জিলা আৰক্ষীয়ে বাইক চোৰক ধৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। ১৫টা বিশেষ দল গঠন কৰি সমগ্ৰ জিলাতে তালাচী অভিযান আৰম্ভ কৰা হৈছে। ইয়াৰ নাম দিয়া হৈছে ‘অপাৰেচন চক্ৰ’।
আৰক্ষী সূত্ৰৰ মতে, যিবোৰ অঞ্চলৰ পৰা অধিক চুৰিৰ অভিযোগ পোৱা গৈছে, সেইবোৰ অঞ্চলৰ প্ৰথমে তদন্ত কৰা হয়। সেই অঞ্চলৰ দুষ্কৃতিকাৰীৰ তালিকা প্ৰস্তুত কৰা হয়। ইয়াৰ পিছত ১৫টা দল গঠন কৰি পাৰস্পৰিক সমন্বয়ৰ ভিত্তিত বিভিন্ন অঞ্চলৰ পৰা ইটোৰ পিছত সিটোকৈ দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰা হয়। এসপ্তাহত ১৫০ খনতকৈও অধিক চুৰি বাইক উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষী সূত্ৰই জনোৱা মতে, সেই বাইকসমূহৰ পঞ্জীয়ন নম্বৰ পৰীক্ষা কৰা হৈছে।
এজন তদন্তকাৰী বিষয়াই কয় যে এই অভিযানৰ মূল কেন্দ্ৰবিন্দু আছিল চুৰি বাইক বিচাৰি উলিওৱা আৰু সন্দেহজনক বাহন পৰীক্ষা কৰা। এই পৰ্যন্ত উদ্ধাৰ হৈছে ১৮১ খন বাইক। অৱশ্যে এই অভিযান অব্যাহত থাকিব বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।










