ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

Bislari water issue I এইবাৰ জলপাইগুৰিত বিছলেৰী পানীৰ নমুনাত পোৱা গ’ল ক্ষতিকাৰক বেক্টেৰিয়া, দুটা পৰীক্ষা বিফল

News Desk by News Desk
November 28, 2026
Reading Time: 1 min read
A A
0
Bislari water I বিছলেৰীৰ পানী খায় নেকি? সাৱধান হওক, হ’ব পাৰে মাৰাত্মক বেমাৰ

RELATED POSTS

Constitution Day I কোনো শক্তিয়ে নাৰী সংৰক্ষণক বাধা দিব নোৱাৰে, সংবিধান দিৱসত বিৰোধীক আক্ৰমণ মোদীৰ

26/11 attack I অভিশপ্ত ২৬ নৱেম্বৰ, ১৫ বছৰ পূৰ্বে উচ্চ ন্যায়ালয়ত কাছবৰ হৈ যুক্তি দিয়া দুই অধিবক্তাই আজিও লাভ কৰা নাই মাচুল

Dhruv Rathi I জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাথীৰ বিৰুদ্ধে জামিনহীন গ্ৰেপ্তাৰী পৰোৱানা

New Logo Smal 1 | ASSAM TIMES POST

পশ্চিমবংগৰ বিছলেৰী কাৰখানাত উৎপাদিত পানীৰ নমুনাত বেক্টেৰিয়া (Bislari Water) পোৱা গৈছে। ই দুটা পৰীক্ষাগাৰৰ পৰীক্ষাত ব্যৰ্থ হোৱা বুলি ভাৰতৰ খাদ্য নিয়ন্ত্ৰণ সংস্থা ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথ’ৰিটী অব ইণ্ডিয়াই (এফ এচ এচ এচ আই) প্ৰকাশ কৰিছে। ইয়াৰ পিছতে বিছলেৰী ইণ্টাৰনেশ্যনেলৰ বটলত খোৱাপানীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ অনুমতি প্ৰদান কৰিছে এফ এছ এছ এ আয়ে। সংবাদ সংস্থা পিটিআয়ে প্ৰকাশ কৰা অনুসৰি, এই প্ৰতিবেদন প্ৰকাশৰ সময়লৈকে বিছলেৰীয়ে এই বিষয়ত কোনো মন্তব্য কৰা নাই। পিটিআইৰ সূত্ৰ অনুসৰি, ৰাজ্যখনৰ জলপাইগুৰিৰ তেলীপাৰা গাঁৱৰ বিছলেৰী কাৰখানাৰ পৰা নমুনা সংগ্ৰহ কৰা হৈছে। প্ৰথমে প্ৰাথমিক পৰীক্ষাগাৰত আৰু পিছলৈ আন এটা পৰীক্ষাগাৰত নমুনা পৰীক্ষা কৰা হৈছে।

Bislari water issue I
এইবাৰ জলপাইগুৰিত বিছলেৰী পানীৰ নমুনাত পোৱা গ’ল ক্ষতিকাৰক বেক্টেৰিয়া, দুটা পৰীক্ষা বিফল:

পৰীক্ষা কৰা দুয়োটা স্থানতে পানীৰ নমুনাত কলিফৰ্ম বেক্টেৰিয়া পোৱা গৈছে। সাধাৰণতে পাইপত ফুটা বা ফাট মেলিলে বা নিষ্কাশন ব্যৱস্থাত কোনো সমস্যা হ’লে এনে বেক্টেৰিয়া পানীত প্ৰৱেশ কৰে। পৰীক্ষা কৰা বিছলেৰীৰ নমুনাটো আছিল পিবি ২০১ বেটচৰ। পানীৰ নমুনাত বেক্টেৰিয়া পোৱাৰ পিছত ২০২৬ চনৰ ১২ আগষ্ট তাৰিখৰ সেই বেটচৰ সকলো বটলৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কোম্পানীটোৰ ফালৰ পৰা কোনো মন্তব্য কৰা হোৱা নাই। কিছুদিন পূৰ্বে এই ঘটনা আৰম্ভ হৈছিল। এফ এছ এছ এ আয়ে গোৱাৰ বিছলেৰী কাৰখানাত নিৰ্মিত পেকেজিং পানীৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা আৰম্ভ কৰিছিল। প্ৰাৰম্ভিক পৰীক্ষাত দেখা গ’ল যে নমুনাত ব্ৰমেটৰ মাত্ৰা নিৰ্ধাৰিত সীমাতকৈ বেছি আছে। ইয়াৰ পিছত কোম্পানীটোৰ অনুৰোধৰ ভিত্তিত দ্বিতীয় ৰাউণ্ডৰ নমুনা পৰীক্ষাও কৰা হয়। সেই নমুনাতো সমস্যা আছিল বুলি দাবী কৰা হৈছে। সেই পৰীক্ষাত বহুচক্ৰীয় সুগন্ধি হাইড্ৰ’কাৰ্বনৰ (PAH) উপস্থিতি পোহৰলৈ আহিছিল, যাৰ বাবে ইয়াক ‘খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন, ২০০৬’ৰ অধীনত ‘অসুৰক্ষিত’ বুলি ঘোষণা কৰা হৈছিল আৰু আইনী ব্যৱস্থা গ্ৰহণৰ অনুমোদন দিয়া হৈছিল।

আন্তঃৰাষ্ট্ৰীয় কেন্সাৰ গৱেষণা সংস্থা আৰু আমেৰিকাৰ ইপিএকে ধৰি বিশ্বৰ বিভিন্ন স্বাস্থ্য আৰু পৰিৱেশ সংস্থাই ব্ৰমেটক মানৱ শৰীৰত কৰ্কট ৰোগ সৃষ্টি কৰিব পৰা পদাৰ্থ হিচাপে চিনাক্ত কৰিছে। ফলত স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হয়, যদি বিছলেৰীৰ দৰে বিখ্যাত কোম্পানী এটাৰ খোৱাপানীত এনে উপাদান পোৱা যায়, তেন্তে ৰে’ল-বাছত মানুহে কিনি খোৱা পানীৰ মানদণ্ড কি হ’ব? অৱশ্যে সেই দাবী মানি লোৱা নাছিল বিছলেৰীয়ে। বিছলেৰীয়ে দাবী কৰে যে গোৱা কাৰখানাত ২০২৫ চনৰ ২৭ ছেপ্টেম্বৰত নিৰ্মিত জিঅ’ ২৭০ বেটচৰ বিক্ৰী নিষিদ্ধ কৰা খাদ্য নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ নিৰ্দেশ প্ৰযোজ্য। কোম্পানীটোৱে জনোৱা মতে, ২৩ নৱেম্বৰত খাদ্য নিয়ন্ত্ৰণ কৰ্তৃপক্ষই নমুনাটোৰ পুনৰ পৰীক্ষাত ব্ৰমেটৰ মাত্ৰা নিৰ্ধাৰিত সীমাৰ ভিতৰত পোৱা গৈছে। ইয়াৰ উপৰি দাবী কৰা হৈছে যে একেটা বেটচৰ ছটা নমুনাৰ ভিতৰত এটা নমুনাত পিএএইচ পোৱা গৈছে, আনহাতে আন এটা নমুনাই সকলো পৰীক্ষাতে উত্তীৰ্ণ হৈছে। পৰীক্ষাৰ ফলাফলৰ অসামঞ্জস্যতাক লৈ কোম্পানীটোৱে আপত্তি জনাই পিএএইচৰ পুনৰ পৰীক্ষাৰ বাবে আবেদন জনায়। বিছলেৰীয়ে দাবী কৰে যে তেওঁলোকে বছৰি ৫০ হাজাৰতকৈ অধিক বেটচ উৎপাদন কৰে। কোম্পানীটোৰ সকলো উৎপাদন প্লাণ্টৰ সামগ্ৰীৰ মানদণ্ড এটা বেটচৰ নমুনাৰ পৰীক্ষাৰ ফলাফলৰ দ্বাৰা বিচাৰ কৰিব নোৱাৰি।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: এইবাৰ জলপাইগুৰিত বিছলেৰী পানীৰদুটা পৰীক্ষা বিফলনমুনাত পোৱা গ'ল ক্ষতিকাৰক বেক্টেৰিয়া
Share4Tweet3Send

Related Posts

Constitution Day I কোনো শক্তিয়ে নাৰী সংৰক্ষণক বাধা দিব নোৱাৰে, সংবিধান দিৱসত বিৰোধীক আক্ৰমণ মোদীৰ
ALL NEWS

Constitution Day I কোনো শক্তিয়ে নাৰী সংৰক্ষণক বাধা দিব নোৱাৰে, সংবিধান দিৱসত বিৰোধীক আক্ৰমণ মোদীৰ

by News Desk
November 26, 2026
50
26/11 attack I অভিশপ্ত ২৬ নৱেম্বৰ, ১৫ বছৰ পূৰ্বে উচ্চ ন্যায়ালয়ত কাছবৰ হৈ যুক্তি দিয়া দুই অধিবক্তাই আজিও লাভ কৰা নাই মাচুল
ALL NEWS

26/11 attack I অভিশপ্ত ২৬ নৱেম্বৰ, ১৫ বছৰ পূৰ্বে উচ্চ ন্যায়ালয়ত কাছবৰ হৈ যুক্তি দিয়া দুই অধিবক্তাই আজিও লাভ কৰা নাই মাচুল

by News Desk
November 26, 2026
50
Dhruv Rathi I জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাথীৰ বিৰুদ্ধে জামিনহীন গ্ৰেপ্তাৰী পৰোৱানা
ALL NEWS

Dhruv Rathi I জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাথীৰ বিৰুদ্ধে জামিনহীন গ্ৰেপ্তাৰী পৰোৱানা

by Staff Reporter
November 23, 2026
50
Karbi Anglong Sainik School : কাৰ্বি আংলঙত অসমৰ দ্বিতীয়খন সৈনিক বিদ্যালয়ৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ
ALL NEWS

Karbi Anglong Sainik School : কাৰ্বি আংলঙত অসমৰ দ্বিতীয়খন সৈনিক বিদ্যালয়ৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ

by ASSAM TIMES POST
November 17, 2026
55
Fraud wife I ৮ স্বামীক প্ৰতাৰণা কৰি লাখ লাখ টকা আত্মসাৎ, নৱম বিবাহৰ সময়ত গ্ৰেপ্তাৰ প্ৰৱঞ্চক শিক্ষয়িত্ৰী
ALL NEWS

জীৱিত কন্যাৰ শ্ৰাদ্ধ পাতিলে পিতৃয়ে, শিলচৰত তীব্ৰ চাঞ্চল্য

by News Desk
November 7, 2026
60
Guwahati hotel firing : আত্মৰক্ষাৰ বাবে গুলীচালনা কৰিছিল, গুৱাহাটীৰ হোটেলত গুলীচালনা সন্দৰ্ভত মুখ খুলিছে ঘনকান্তই
ALL NEWS

Ghanakanta Gogoi encounter : আৰক্ষীৰ গুলীত মৃত্যু গুৱাহাটী হোটেল কাণ্ডৰ অভিযুক্ত ঘনকান্ত

by ASSAM TIMES POST
November 4, 2026
64
ADVERTISEMENT
Bislari water I বিছলেৰীৰ পানী খায় নেকি? সাৱধান হওক, হ’ব পাৰে মাৰাত্মক বেমাৰ
ALL NEWS

Bislari water issue I এইবাৰ জলপাইগুৰিত বিছলেৰী পানীৰ নমুনাত পোৱা গ’ল ক্ষতিকাৰক বেক্টেৰিয়া, দুটা পৰীক্ষা বিফল

November 28, 2026
50
Bike theft gang I ৭ দিনত ১৮১ খন চুৰি বাইক উদ্ধাৰ আৰক্ষীৰ, ৩৬ জনক আটক
National-International

Bike theft gang I ৭ দিনত ১৮১ খন চুৰি বাইক উদ্ধাৰ আৰক্ষীৰ, ৩৬ জনক আটক

November 27, 2026
50
Manipur Panchayat Election : মণিপুৰ পঞ্চায়ত নিৰ্বাচনৰ সময়সীমা অক্টোবৰলৈকে বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে
National-International

Election nomination I তেৱেঁই বিজেপি, তেৱেঁই কংগ্ৰেছ, তেৱেঁই নিৰ্দলীয়; পোছাক সলাই তিনিবাৰকৈ মনোনয়ন এগৰাকী মহিলাৰ

November 27, 2026
50
WhatsApp fraud I ৱাটছএপত দিছিল বিয়াৰ নিমন্ত্ৰণী-পত্ৰ, খুলি চোৱাৰ লগে লগে লুটি নিলে ১০ লাখ টকা
National-International

WhatsApp fraud I ৱাটছএপত দিছিল বিয়াৰ নিমন্ত্ৰণী-পত্ৰ, খুলি চোৱাৰ লগে লগে লুটি নিলে ১০ লাখ টকা

November 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bislari water I বিছলেৰীৰ পানী খায় নেকি? সাৱধান হওক, হ’ব পাৰে মাৰাত্মক বেমাৰ

Bislari water issue I এইবাৰ জলপাইগুৰিত বিছলেৰী পানীৰ নমুনাত পোৱা গ’ল ক্ষতিকাৰক বেক্টেৰিয়া, দুটা পৰীক্ষা বিফল

November 28, 2026
Bike theft gang I ৭ দিনত ১৮১ খন চুৰি বাইক উদ্ধাৰ আৰক্ষীৰ, ৩৬ জনক আটক

Bike theft gang I ৭ দিনত ১৮১ খন চুৰি বাইক উদ্ধাৰ আৰক্ষীৰ, ৩৬ জনক আটক

November 27, 2026
Manipur Panchayat Election : মণিপুৰ পঞ্চায়ত নিৰ্বাচনৰ সময়সীমা অক্টোবৰলৈকে বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

Election nomination I তেৱেঁই বিজেপি, তেৱেঁই কংগ্ৰেছ, তেৱেঁই নিৰ্দলীয়; পোছাক সলাই তিনিবাৰকৈ মনোনয়ন এগৰাকী মহিলাৰ

November 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d