ASSAM TIMES POST
নিউজ ডেস্ক
এছিয়ান গেমছৰ স্বৰ্ণ পদক জয়ী দৌৰৰাণী হিমা দাসে এমাহৰ দৰমহা অসম আৰোগ্য নিধি একাউণ্টত অসম চৰকাৰলৈ আগবঢ়াইছে৷ ২০ বছৰ অনুৰ্দ্ধ বিশ্ব চেম্পিয়নশ্বিপত তিনিবাৰৰ জয়ী হিমা দাস ইণ্ডিয়ান অইলৰ গুৱাহাটীস্থিত কাৰ্যালয়ৰ কৰ্মচাৰী৷ হিমা দাসে নিজৰ টুইটত কয়, বন্ধুসকল, এতিয়া একত্ৰিত হোৱাৰ প্ৰয়োজন ৷
যাৰ প্ৰয়োজন, তেওঁৰ কাষত থকা হ’ব ৷ মই এমাহৰ দৰমহা অসম আৰোগ্য নিধি একাউণ্টত অসম চৰকাৰলৈ আগবঢ়াইছো৷ ক’ৰ’ণা আক্ৰান্ত যাতে নিৰাপদে থাকে, সেইটোৱেই লক্ষ্য৷ হিমা দাসৰ এই কাৰ্যক ভূয়সী প্ৰশংসা কৰিছে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে৷











