ASSAM TIMES POST
নিউজ ডেস্ক:
কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ অন্তৰ্গত আয়ুষ্মান ভাৰতৰ কাৰ্যালয় চীল কৰি দিয়া হৈছে৷ আজি পুৱা এই ঘটনাকলৈ তীব্ৰ চিন্তাৰ কাৰণ হৈ পৰে৷ কাৰণ এই কাৰ্যালয়ৰ এজন কৰ্মচাৰীৰ শৰীৰত ক’ৰ’ণাৰ সংক্ৰমণ ধৰা পৰাত দিল্লীত আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ কাৰ্যালয় বন্ধ কৰি দিয়া হৈছে৷
ইয়াৰ লগতে ২৫ জন কৰ্মচাৰীক কোৱাৰেণ্টাইনলৈ পঠোৱা হৈছে৷ এই লোকসকলৰ শৰীৰ পৰীক্ষা কৰি পজিটিভ পোৱা গৈছে৷ সেয়ে এই সিদ্ধান্ত লোৱা হয় বুলি প্ৰকাশ










