
শেহতীয়াকৈ পাকিস্তানে সিন্ধু জলচুক্তিক (Indus Water Treaty) লৈ ভাৰতৰ বিৰুদ্ধে মাত মাতিছে। নতুন দিল্লীয়েও ইয়াৰ প্ৰতি সঁহাৰি জনায়। সিন্ধু জলচুক্তি সন্দৰ্ভত নিজৰ স্থিতি সলনি নকৰে বুলি স্পষ্টভাৱে উল্লেখ কৰিছে ভাৰতে।

অৰ্থাৎ সিন্ধু জলচুক্তি স্থগিত হৈ থাকিব। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে সিন্ধু জলচুক্তি সন্দৰ্ভত ভাৰতৰ স্থিতি অপৰিৱৰ্তিত হৈ থাকিব। তেওঁ কয়, “পাকিস্তানে আন্তঃসীমান্ত সন্ত্ৰাসবাদ বন্ধ কৰিব লাগিব।”
পহেলগাম আক্ৰমণৰ পিছত ভাৰতে সিন্ধু জলচুক্তিৰ ক্ষেত্ৰত নিজৰ স্থিতি স্পষ্ট কৰি দিছিল। পাকিস্তানক বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মঞ্চত সজাগ কৰা হৈছে যে তেজ আৰু পানী কেতিয়াও একেলগে বৈ যাব নোৱাৰে।
১৯৬০ চনৰ ১৯ ছেপ্টেম্বৰত বিশ্ব বেংকৰ মধ্যস্থতাত ভাৰত আৰু পাকিস্তানৰ মাজত সিন্ধু চুক্তি স্বাক্ষৰিত হয়। কিন্তু ইয়াক ভাৰতে স্থগিত ৰখাৰ পিছৰে পৰা পাকিস্তানে কেইবাটাও অভিযোগ উত্থাপন কৰিছে। আন্তঃৰাষ্ট্ৰীয় মঞ্চতো ভাৰতৰ বিৰুদ্ধে অভিযোগ কৰিছে। কিন্তু তাৰ কোনো লাভ হোৱা নাই।
১৯৬০ চনত স্বাক্ষৰিত এই চুক্তি অনুসৰি ভাৰতে সিন্ধু আৰু ইয়াৰ উপনৈসমূহৰ পূব দিশলৈ বৈ যোৱা শতদ্ৰু, বিপাশা আৰু ইৰাৱতী নদীৰ জলভাগৰ অধিকাৰী। পশ্চিমে বৈ যোৱা সিন্ধু, চন্দ্ৰভাগ আৰু বিতাস্তাৰ জলসীমাতো পাকিস্তানৰ অধিকাৰ আছে। কিন্তু ভাৰতে পহেলগাম আক্ৰমণৰ প্ৰতিবাদত পাকিস্তানৰ বিৰুদ্ধে এক পদক্ষেপ হিচাপে এই চুক্তি স্থগিত ৰাখিছিল।
শেহতীয়াকৈ দেশখনৰ জলসম্পদ মন্ত্ৰী চি আৰ পাটিলে ইংগিত দিছিল যে ২০২৮ চনৰ জুন মাহৰ ভিতৰত পাকিস্তানলৈ সিন্ধুৰ পানীৰ প্ৰবাহ সম্পূৰ্ণৰূপে বন্ধ হৈ যাব। তাৰ পিছত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে এই মাহত ভাৰতৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হোৱাৰ ভাবুকি দিছিল।
কেৱল আছিফেই নহয়, পাকিস্তানৰ জলবায়ু পৰিৱৰ্তন মন্ত্ৰী মাছুদ মালিকেও সিন্ধু জলচুক্তিৰ অন্ত পেলোৱাৰ বিৰুদ্ধে সকীয়াই দিয়ে। তেওঁ কয়, “আমাৰ অংশৰ পানী বিচৰাসকলৰ হাত কাটি পেলাম।” ইয়াৰ পিছত মালিকে সিন্ধুৰ পানী বন্ধ কৰাৰ বাবে মোদীক দোষাৰোপ কৰি কয়, “তেওঁ (মোদীয়ে) কৈছিল, পাকিস্তানলৈ এটোপাল পানীও নাযায়।”
পাকিস্তানৰ মন্ত্ৰীগৰাকীয়ে দাবী কৰে যে চুক্তিৰ চৰ্ত অনুসৰি নিজৰ অংশৰ পানী অক্ষত অৱস্থাত ৰখাৰ বাবে পাকিস্তান দায়বদ্ধ। ইয়াৰ পিছত ভাৰতে সিন্ধু জলচুক্তিৰ ওপৰত নিজৰ স্থিতি পুনৰবাৰ প্ৰকাশ কৰে।












