ASSAM TIMES POST
নিউজ ডেস্ক:
আজি ৰাজস্থানলৈ উভতিব কোটা পৰা অসমৰ ৩৯১গৰাকীৰ ছাত্ৰ-ছাত্ৰীৰ কঢ়িয়াই অনা বাছ সমূহ।যোৱা ২৭এপ্ৰিলৰ পুৱতি নিশা শিক্ষাথী দলটোক লৈ অসম আহি পাইছিল বাছ কেইখন।
ইফালে ছাত্ৰ-ছাত্ৰীৰ দলটোক লৈ অহা বাছ সমূহত লকডাউনৰ ফলত অসমত আৱদ্ধ হৈ থকা ৰাজস্থানৰ প্ৰায় ২৩০ জন যাত্ৰীক লৈ যাব।পুৰ্বোত্তৰ পৰিষদীয় মৰোৱাৰী সন্মিলনৰ আহ্বানত ৰাজ্য চৰকাৰে যাত্ৰীসকলক যোৱাৰ অনুমতি প্ৰদান কৰিছে।
ইফালে সংগঠনটোৱে যাত্ৰী সকলৰ বাবে ৰাজস্থান চৰকাৰৰ পৰা ইতিমধ্যে অনুমতি লাভ কৰা কথা জানিব দিয়ে।উল্লেখ যে মহানগৰীৰ সোণাৰাম খেলপথাৰৰ পৰা ৰাজস্থানৰ যাত্ৰী সকলক লৈ ১৮খন বাছ ইতিমধ্যে ৰাওনা হৈছে।
বাছ সমূহত উঠাৰ পূৰ্বে যাত্ৰী সকলক মাক্স, চেনিটাইজাৰ আৰু পানী বটল প্ৰদান কৰা হৈছে।বাছৰ যাত্ৰাৰ সময়ত অসম আৰক্ষীৰ বহু কেইজন উচ্চপ্ৰদস্ত বিষয়া উপস্থিত থাকে।










