ASSAM TIMES POST
নিউজ ডেস্ক :
লকডাউনৰ মাজতেই অৰুনাচল প্ৰদেশত ভাৰতীয় সেনাবাহিনীয়ে চলালে এক অতৰ্কিত অভিযান। শনিবাৰে অৰুনাচল প্ৰদেশৰ লংডিঙ জিলাৰ পুমোৱা গাঁৱত দুধৰ্ষ সন্ত্ৰাসবাদী এনএচচিএন(আই এম)ৰ বিৰুদ্ধে অভিযান চলালে সেনাবাহিনীয়ে।
কিন্তু অভিযানৰ সময়ত গাওৱাসীয়ে সেনাবাহিনীৰ জোৱান সকলক বাধা দিয়াৰ ওপৰিও তেওলোকৰ ওপৰত শিলাবৰ্ষণ কৰে।ফলত উপায়বিহীন হৈ আত্মৰক্ষাৰ বাবে সেনাবাহিনীয়ে গুলীবৰ্ষণ কৰিবলৈ বাধ্য হয়। আনহাতে পৰিস্থিতিৰ সুযোগ লৈ সন্ত্ৰাসবাদীৰ দলটো পলায় সাৰিবলৈ সক্ষম হয়।
সেনাবাহিনীৰ ঊৰ্ধতন কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে গুলিবৰ্ষণৰ ফলত এজন গাওবাসী মৃত্যুমুখত পৰাৰ বিপৰীতে আন বহুজন লোক আঘাত প্ৰাপ্ত হয়।আনহাতে গাওবাসীয়ে সেনাজোৱান সকলৰ ওপৰত শিলাবৰ্ষণ কৰাৰ ফলত বহুকেইজন জোৱানো গুৰুতৰ ভাৱে আহত হয়।