ASSAM TIMES POST
তিনি গ্ৰেণেড আৰু ধাৰাসাৰ গুলী বৰ্ষণত ধৰাশায়ী হল হত্যাকাৰী!
“মোৰ কাম শেষ হোৱা নাই!শেষ কৰিহে মৰিম”:মৃত্যুৰ পূৰ্বে হত্যাকাৰী সঞ্জয়ৰ শেষ ভাষ্য
বিভাস দুৱৰা,ডিব্ৰুগড়:
ডিব্ৰুগড় চহৰৰ শুকানপুখুৰী অঞ্চলত মাজনিশা গুলী আৰু গ্ৰেণেডৰ কলা ধোঁৱাই সমগ্ৰ চানি ধৰিছিল।অতি ঘন জনবসতি এলেকাৰ লোকে তীব্ৰ আতংক,বিনিদ্ৰ ৰজনীৰে পাৰ কৰিছিল সমগ্ৰ নিশা।প্ৰায় তিনি ঘন্টা ধৰি প্ৰচণ্ড গুলীয়া গুলিৰ পিছত নিজ পত্নী,পুত্ৰ আৰু মোমায়েকক গুলীয়াই হত্যা কৰা জোৱান সঞ্জয় দাস আৰক্ষীৰ গুলীত ঘটনাস্থলীতে নিহত হয়।
হয়,কালি পুৱাতে প্ৰায় ১১ বজাত চহৰখনৰ শুকানপুখুৰী অঞ্চলত সঞ্জয় দাস নামৰ প্ৰাক্তন এছ এছ বিৰ জোৱানজনে নিজ গৃহত পত্নী স্বপ্না দাস(৪০) আৰু একমাত্ৰ পুত্ৰ নৱজ্যোতি দাস(২০) আৰু বগীপুলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বাস কৰা মোমায়েক ঘনকান্ত হাজৰিকা(৬৭)ক শূণ্য দুৰত্বৰ পৰা গুলীয়াই হত্যা কৰি,হাতত নিজৰ লাইচেঞ্চ থকা পইন্ট ৩২ উদ্যত পিষ্টল লৈ পলায়ন কৰিছিল।

সমগ্ৰ ৰাজ্যজুৰি ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি কৰা ঘটনাৰ হত্যাকাৰীক কৰায়ত্ব কৰিবলৈ আৰক্ষী প্ৰশাসনে সমগ্ৰ জিলাখনতে হাই এৰ্লাট জাৰি কৰে।লগে লগে সকলো আৰক্ষী থানা সস্তম হৈ পৰে।ডিব্ৰুগড়ৰ আৰক্ষীয়ে,অৰ্ধসামৰিক বাহিনীৰ সহায়ত সকলোতে তীব্ৰ অভিযান অব্যাহত ৰাখে।হত্যাকাৰী সঞ্জয় দাসক নিশাৰ ভিতৰতে কৰায়ত্ব নকৰিলে আৰু বহু লোকৰ প্ৰান যোৱাৰ প্ৰতি শংকা প্ৰকাশ কৰিয়েই সমগ্ৰ শুকানপুখুৰীত আৰক্ষী আৰু অৰ্দ্ধসামৰিক বাহিনীৰ লোকক মোতায়ন কৰা হয়।
নিশা যিমানে গভীৰ হৈ আহিছিল সমগ্ৰ শুকানপুখুৰী বাসীৰ মাজত তীব্ৰ আতংকই বিৰাজ কৰিছিল।লক ডাউনৰ বাবে সন্ধ্যা ৬ বজাৰ পৰা সান্ধ্য আইন বাহাল হোৱাৰ বাবে,সামগ্ৰিক পৰিস্থিতি নিস্তব্ধতাই বিৰাজ কৰিছিল।বহু লোকেই যেন কিবা এক অজান আশংকাত পূৰ্ব্বৰ সময়তকৈ আগতেই নিশাৰ আহাৰ গ্ৰহন কৰিছিল,এক অপ্ৰত্যাশিত ঘটনাৰ বাবে।আৰক্ষীৰ চোৰাংচোৱাই তথ্য লাভ কৰে যে হত্যাকাৰী সঞ্জয় দাসে মহপোৱালীমৰা হৈ নিজ গৃহভিমুখে গৈ আছে।
উক্ত খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তোলে।এটা সময়ত স্পষ্ট খবৰ আহে যে হত্যাকাৰী সঞ্জয়ে শুকানপুখুৰীৰ মীণ বিভাগৰ এটা পৰিত্যক্ত ঘৰত আত্মগোপন কৰি আছে।লগে লগে জিলা আৰক্ষী অধীক্ষক শ্ৰীজিৎ টীয়ে আৰক্ষী বিষয়াসহ এক বৃহৎ দল লৈ নিশা প্ৰায় ১২ বজাত শুকানপুখুৰিত উপস্থিত হয়।
ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্ৰীজিৎ টীৰ নেতৃত্ব এক বৃহৎ আৰক্ষী-অৰ্দ্ধসামৰিক বাহিনী ঘটনাস্থলীত উপস্থিত হৈয়ে,হত্যাকাৰী সঞ্জয় দাসে আত্মগোপন কৰি থকা এসময়ৰ মীণ বিভাগৰ পৰিত্যক্ত আৰ চি চি ঘৰটো ঘেৰাও কৰি অভিযান আৰম্ভ কৰে।জয়াল নিশা,তাতে ঘোপ মৰা আন্ধাৰ!সেয়ে আৰক্ষীৰ এটা বিশেষ স্কোৱাড দলে অতি সন্তৰ্পণে ঘৰটোৰ ওপৰলৈ যোৱাৰ পূৰ্ব্বে তলৰ মহলাত কৌশলৰে অভিযান চলায় নিশ্ছিত হয় যে হত্যাকাৰী সঞ্জয় তলৰ মহলাত নাই।
সেয়ে এইবাৰ স্কোৱাডৰ দলে হাতত স্বয়ংক্ৰিয় একে চিৰিজৰ ৰাইফল লৈ ওপৰ মহলালৈ অগ্ৰহৰ হঁওতেই,চাদৰ ওপৰত আত্মগোপন কৰি থকা হত্যাকাৰী সঞ্জয়ে নিজৰ লগত থকা পইন্ট ৩২ পিষ্টলৰে গুলীয়াবলৈ ধৰে।লগে লগে আৰক্ষীৰ স্কোৱাড দলটোৱে পিছুৱাই নিৰাপদ স্থানত অৱস্থান কৰে বুলি আজি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই সংবাদ মাধ্যমক অৱগত কৰে।সংবাদ মাধ্যমক সম্বোধন কৰি পুনৰ কয় যে এইবাৰ আৰক্ষীৰ দলটোৱে সমীপৰ এঘৰৰ চাদৰ ওপৰত অৱস্থান কৰি সঞ্জয়ক আত্মসমৰ্পণ কৰিবলৈ বাৰম্বাৰ অনুৰোধ কৰে।
তেঁওৰ পিষ্টলটো পেলাই দিবলৈকো আহবান জনায়।প্ৰায় ৫০ মিটাৰ নিলগত আৰক্ষীয়ে অৱস্থান কৰি কিয় এনে কাৰ্য কৰিলে বুলি জানিবলৈ বিছাৰে?উত্তৰত হত্যাকাৰী সঞ্জয়ে কয় – “মোৰ কাম এতিয়াও শেষ হোৱা নাই!আৰু মানুহ মাৰিব লগা আছে”।নিজ সন্তানক কিয় হত্যা কৰিলে বুলি প্ৰশ্ন কৰাত হুক হুকাই কান্দি উঠে হত্যাকাৰী সঞ্জয় দাস।সংস্থাপনৰ ব্যৱস্থা কৰা, চাকৰি দিয়াকে আদি কৰি বহু প্ৰলোভন দিয়া স্বত্বেও কিন্তু সঞ্জয় দাসৰ হৃদয় নগলিল।বৰঞ্চ পুনৰ আৰক্ষীক উদ্দ্যেশি চিঞৰি চিঞৰি কয়- “মোক আৰু আমনি নকৰিব।মোক অলপ শুবলৈ দিয়ক।
এই কথা কৈ হত্যাকাৰী সঞ্জয় দাস অৰ্ন্তধান হৈ পৰে প্ৰায় আধা ঘন্টামানৰ বাবে।হঠাৎ পুনৰ আৰক্ষীক উদ্দ্যেশি গুলী বৰ্ষণ কৰিবলৈ ললে।ইমানৰ পিছত আৰক্ষীয়ে হত্যাকাৰী সঞ্জয়ক ভীতিগ্ৰস্ত কৰিবলৈ সঞ্জয়ক লক্ষ্য কৰি তিনিটাকৈ হেণ্ড গ্ৰেণেড নিক্ষেপ কৰে।উক্ত গেণেড বিস্ফোৰনত সমগ্ৰ অঞ্চল কঁপি গৈছিল।বিনিদ্ৰ ৰজনী কটোৱা স্থানীয় লোকৰ ভয়ত পেতত হাত-ভৰি লুকাল।প্ৰচণ্ড গুলী বৰ্ষণ আৰু গুলীয়াগুলীত নিশাৰ নিস্তব্ধতা হেৰাই গৈছিল।
ইয়াৰ পিছতো সঞ্জয়ে গুলী কৰা অব্যাহত ৰখাত আৰক্ষীয়েও প্ৰত্যুত্তৰত গুলী বৰ্ষণ কৰে।প্ৰায় তিনি ঘন্টা শ্বাসৰুদ্ধকৰ পৰিবেশৰ পিছত পুৱতি নিশা প্ৰায় ৩:৩০ বজাত আৰক্ষীৰ গুলীত থকা-সৰকা হৈ হত্যাকাৰী সঞ্জয় নিহত হয় পৰিত্যক্ত ঘৰৰ চাদৰ ওপৰত।চিৰকাললৈ পৰি ৰয় নিথৰ দেহ।আজি অতিৰিক্ত আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই সদৰি কৰা মতে হত্যাকাৰী সঞ্জয়ৰ মৃতদেহৰ পৰা পইন্ট ৩২ পিষ্টলসহ এটা কাৰ্টুজ,কেইবাটাও খালী কাৰ্টুজ, সাতটা সক্ৰিয় গুলী,এখন পৰিছয় পত্ৰ,পেন কাৰ্ড,এটা এনদ্ৰইড মবাইল আৰু এখন চচমা উদ্ধাৰ কৰা হয়।
পুৱাৰ ভাগত হত্যাকাৰী সঞ্জয়ক, অসম মেডিকেল কলেজত মৰনোত্তৰ পৰীক্ষা সম্পন্ন কৰি পৰিয়ালৰ লোকক গটাই দিয়া হয়।আনহাতে ডিব্ৰুগড়ৰ আৰক্ষীয়ে সাংবাদিকৰ আগত সমগ্ৰ ঘটনাটো মদ আৰু জোৱাৰ বাবেই হোৱা বুলি প্ৰাথমিক তদন্তত জানিব পৰা গৈছে বুলি অৱগত কৰে।আনহাতে শুকানপুখুৰীৰ স্থানীয় ৰাইজে আজি সাংবাদিকৰ আগত অতি ক্ষোভেৰে জনায় যে,নিহত ঘণকান্ত হাজৰিকা নামৰ সমন্ধীয় মোমায়েকৰ গৃহতেই দীৰ্ঘদিন ধৰি জোৱা খেলা আৰু উক্ত জোৱা খেলত হাৰি কেইদিনমান পূৰ্বে সঞ্জয় দাসে নিজৰ নতুনকৈ ক্ৰয় কৰা টাটা টিয়াগ’ গাড়ীখন ধেমাজিৰ এজন লোকক দিব লগাত পৰে।
এনেবোৰ কাৰণতে নিজৰ হিতাহিত জ্ঞান হেৰুৱাই ঘণকান্ত হাজৰিকাক হত্যাৰ লক্ষ্য কৰি লোৱাৰ লগতে জোৱা খেলিবলৈ ধন নিদিয়াৰ বাবেই পত্নী স্বপ্না পুত্ৰক হত্যা কৰা বুলিও স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে।সমগ্ৰ অঞ্চলটোত দীৰ্ঘ সময় ধৰি অব্যাহত থকা মদৰ ঘাটি,জোৱা খেল আৰু ডাবোল গুটি খেল শীঘ্ৰে বন্ধ কৰিবলৈকো স্থানীয় ৰাইজে আৰক্ষীক দাবী জনায়।













