ASSAM TIMES POST
নগাঁও : কৰোনা মহামাৰীয়ে ভয়াবহ ৰূপ ধাৰণ কৰাক লৈ ৰাজ্যবাসী আতংকিত হৈ থকাৰ সময়তে নগাঁও জিলাৰ জুৰীয়াত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। পবিত্ৰ ৰমজান মাহত জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত লাঠিমাৰী চৰত এগৰাকী সন্তান সম্ভৱা মহিলাক যোৱা নিশা দুই মান বজাত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰে।
জানিব পৰা মতে ৰমিচা খাতুন নামৰ মহিলা গৰাকীয়ে নিশা চেহেৰীৰ খাদ্য তৈয়াৰৰ বাবে ৰান্ধনী শালত ব্যস্ত থকা সময়ত দুৰ্বৃত্তই প্ৰৱেশ কৰি মহিলা গৰাকীৰ ডিঙিত চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। মহিলা গৰাকীয়ে চিঞৰ বাখৰ কৰাত শুই থকা স্বামী ৰফিকুল ইছলাম পত্নীৰ ওচৰলৈ ঢপলিয়াই যায় যদিও গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত মহিলা গৰাকী কিছু সময়ৰ পিছতেই মৃত্যু হয়।
এটি দুবছৰীয়া সন্তানৰ মাতৃ তথা নমহীয়া সন্তান সম্ভৱা ৰমিচা খাতুনক কোনে কি কাৰণত এইদৰে নৃশংস ভাবে হত্যা কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই। জুৰীয়াৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে যদিও বাতৰি লিখাৰ পৰলৈকে অপৰাধীক আটক কৰিবলৈ সক্ষম হোৱা নাই। আৰক্ষীৰ তদন্ততহে সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা আছে।













