ASSAM TIMES POST
নগাঁও : বহিঃ ৰাজ্যত আবদ্ধ ৪০ গৰাকী লোক আহি আজি নগাঁও চহৰত উপস্থিত হয়। এনেদৰে প্ৰতি দিনে নগাঁৱলৈ বহি ৰাজ্যত আৱদ্ধ লোকৰ নগাঁৱলৈ আগমন ঘটাত শংকিত হৈ পৰিছে নগাঁওবাসী। নগাঁৱৰ এই লোকসকল আজি সাতদিন ধৰি বহিঃ ৰাজ্যৰ পৰা ৰেল, বাছেৰে নগাঁৱলৈ আহি আছে।
আজি ৰেল আৰু বাছ যোগে ৪০ গৰাকী নগাঁৱলৈ আহিছে। এই লোকসকল গুৱাহাটী, চাপৰমূখ আৰু লামডিং ৰেল ষ্টেচনত আহি পোৱাৰ পিছত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে তেওঁলোকক নগাঁও চহৰৰ নেহেৰুৱালিত স্থাপন কৰা অস্থায়ী স্বাস্থ্য শিবিৰত স্ক্ৰীনিং কৰি তেওঁ লোকৰ নিজ নিজ সমষ্টিত স্থাপন কৰা কুৱাৰেণ্টাইন কেন্দ্ৰ লৈ প্ৰেৰণ কৰে।
আজি নগাঁৱলৈ অহা এই ৪০ গৰাকী লোকৰ ‘স্বাৱ’ৰ নমুনা কুৱাৰেণ্টাইন কেন্দ্ৰসমূহত সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰন কৰা হৈছে। আজিলৈকে নগাঁৱলৈ বহিঃ ৰাজ্যৰ পৰা ৭৭৪ লোক আহিছে।
নগাওঁ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে বহিঃ ৰাজ্যৰ পৰা আজি অহা লোকসকলক কুৱাৰেনটাইন কৰাৰ বাবে কামপুৰ কলেজ, আমনি বহুমুখী ভৱন, ৰূপহী কলেজ, ননৈ কলেজকে ধৰি কেইবাটাও কুৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে।
নগাওঁ জিলাত ১৭টা কুৱাৰেণ্টাইন কেন্দ্ৰত ১০০০ খন বিছনা কুৱাৰেনটাইনৰ বাবে সাজু কৰা হৈছে। তদুপৰি নগাঁৱৰ ছখন চিকিৎসালয় আৰু কেবাখনো হোটেলত কুৱাৰেনটাইনৰ ব্যৱস্থা কৰা হৈছে। আজিৰ তাৰিখত নগাওঁ জিলাত বহিঃ ৰাজ্যৰ পৰা অহা ৭৭৪ জন লোক জিলা প্ৰশাসনে স্থাপন কৰা কোৱাইনটাইন কেন্দ্ৰত কোৱাৰেনটাইন হৈ আছে। জিলা স্বাস্থ্য বিভাগে জনোৱা মতে, নগাঁৱত ৫৬৩৪ লোকক হোম কোৱাইনটাইন কৰা হৈছে।
তদুপৰি বৰ্তমানলৈকে ৬০০ জন লোকৰ প্ৰথম পৰ্যায়ৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰন কৰা হৈছে। ইয়াৰে তিনিজনৰ কভিড-১৯ পজিটিভ আহিছে আৰু ৩২৩ জনৰ কভিড- ১৯ নিগেটিভ আহিছে।
২৭৭ জনৰ প্ৰতিবেদন আহিবলৈ এতিয়াও বাকী আছে। তদুপৰি ১১৫ জনৰ দ্বিতীয় প্ৰৰ্যায়ৰ ১১৫ জনৰ নমুনা সংগ্ৰহ কৰা হৈছিল। ইয়াৰে ৮৭ জনৰ প্ৰতিবেদনত কভিড – ১৯ নিগেটিভ আহিছে । ৩২জনৰ প্ৰতিবেদন আহিবলৈ বাকী আছে ।













