ASSAM TIMES POST
নিউজ ডেক্স
ৰাজ্যজুৰি তীব্ৰ বিৰোধিতা পাছত অৱশেষত দিহিং পাটকাই অভয়াৰণ্য সন্দৰ্ভত মুখ খুলিছে ৰাজ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।দিহিং পাটকাই পৰিদৰ্শন কৰি পৰিদৰ্শন সাম্প্ৰতিক পৰিস্থিতিৰ সবিশেষ বুজ ল’বলৈ পৰিৱেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক নিৰ্দেনা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সোনোৱালে।
উল্লেখ যে লকডাউনৰ মাজতে দিহিং পাটকাই অভয়াৰণ্যত কয়লা মুক্ত খননৰ অনুমতি প্ৰদান কৰাৰ সন্দৰ্ভত ৰাজ্যজুৰি প্ৰচাৰ হৈছিল এক খবৰ।তাৰ পিছতে সমগ্ৰ অসমবাসী তথা প্ৰকৃতি প্ৰেমী সংগঠনে চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ ভাষাৰে ধিক্কাৰ দিয়া লগতে সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী তুলিছিল।
ইফালে মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ উন্নয়ন সমান্তৰালভাৱে আমাৰ চহকী বনাঞ্চল আৰু জৈৱ-বৈচিত্ৰতাৰ সংৰক্ষণ তথা সুৰক্ষাৰ বাবে চৰকাৰৰ সম্পূৰ্ণৰূপে দায়ৱদ্ধ বুলি উল্লেখ কৰিছে।













