ASSAM TIMES POST
নিউজ ডেক্স
শেহতীয়া ভাৱে ৰাজ্যত কভিড-১৯ৰ আক্রান্ত ঘটনাই চিন্তিত কৰি তোলা সময়তে আহিছে এক ভাল খবৰ।আজি দিনটোত ৭গৰাকী কৈ ক’ৰনা আক্রান্ত সুস্থ হৈ চিকিৎসালয় পৰা ঘৰলৈ গৈছে।এই কথা টুইটাৰ জৰিয়তে সদৰী কৰিলে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
সুস্থ হৈ উঠা ৭গৰাকীৰ আক্রান্ত ভিতৰত আছে গুৱাহাটী জি এম চি এইচৰ কনিষ্ঠ চিকিৎসক ডঃ লিথিকেশ দাস।ইয়াৰ উপৰিও দুজন যোৰহাট মেডিকেল কলেজ আৰু চাৰিজন শিলচৰ মেডিকেল কলেজ চিকিৎসালয় পৰা দিয়া হয় ৰিলিজ।উল্লেখ যে ৰাজ্যত মুঠ ৪৮গৰাকী আক্রান্ত সুস্থ হৈছে।৪জনৰ মৃত্যু হৈছে। চিকিৎসালয়ত আছে ১০২জন।মুঠ আক্রান্ত হৈছে ১৫৭জন।













