ASSAM TIMES POST
নগাঁও: নগাঁও চহৰৰ আমোলাপট্টি অঞ্চলৰ বাসিন্দা কভিড-১৯ আক্ৰান্ত হিমাশ্ৰী বৰা নামৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰী গৰাকীৰ পিতৃ, তেওঁলোকৰ বাসগৃহত ভাৰাতীয়া হিচাপে থকা দুগৰাকী মহিলাক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ আচুতীয়া কক্ষত ৰখা হৈছে।
উল্লেখ্য , যোৱা ১৬ মে’ত ৰাজস্থানৰ পৰা আহি মাতৃ সহ নগাঁও চহৰৰ আমোলাপট্টিৰ গণতন্ত্ৰ প্ৰেছ তিনিআলিস্থিত নিজা বাসগৃহত হ’ম কোৱাৰেনটাইনত আছিল যুৱতী গৰাকী। যুৱতী গৰাকীৰ নমুনা পৰীক্ষাত তেওঁ কভিড-১৯ পজিটিভ অহাটো স্বাস্থ্য বিভাগে নিশ্চিত কৰে।
পিছত স্বাস্থ্য বিভাগে যুৱতী গৰাকী আৰু তেওঁৰ মাতৃক কালি গুৱাহাটীস্থ মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতাললৈ প্ৰেৰণ কৰে। আজি যুৱতী গৰাকীৰ পিতৃ গিৰীশ কুমাৰ বৰা, তেওঁলোকৰ ভাড়াতীয়া দিপীকা ক্ৰপি আৰু আন এগৰাকী ভাড়াতীয়া প্ৰতিভা বৰাক নগাঁও অসামৰিক চিকিৎসালয়ৰ আচুতীয়া কক্ষত কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰে।
ইতিমধ্যেই তেওঁলোকৰ লেলাৱতি পৰীক্ষাৰ বাবে স্বাস্থ্য বিভাগে পৰীক্ষা গাৰলৈ প্ৰেৰণ কৰিছে। আচৰ্যজনক আৰু উদ্বেগৰ বিষয় এই যে হিমাশ্ৰী বৰাক গুৱাহাটীৰ সৰুসজাই কোৱাৰেনন্টাইন শিবিৰৰ পৰা অনা গাড়ীৰ চালকৰ কোনো সন্ধান নাই। তেওঁক ফোনত যোগাযোগ কৰিও পোৱা নাই। যাক লৈ এতিয়া স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসন অস্বস্তিত পৰিছে।













