ASSAM TIMES POST
গুৱাহাটী : জ্যেষ্ঠ সাংবাদিক তথা কেইবাদশক ধৰি গুৱাহাটীত কৰ্মৰত মোজাহিদুল হকৰ মাত্ৰ ৫২ বছৰ বয়সতে অকাল আৰু আকস্মিক বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে সাংবাদিক পৰিষদ, অসমৰ কেন্দ্ৰীয় সমিতিয়ে। লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।
এক প্ৰেছ বাৰ্তাৰ জৰিয়তে কেন্দ্ৰীয় সমিতিৰ সভাপতি চন্দ্ৰকুমাৰ বৰুৱা, সাধাৰণ সম্পাদক ৰবিন দাস,উপদেষ্টা চন্দ্ৰকুমাৰ শইকীয়া, মণ্টু শইকীয়া, উপসভাপতি ভবতোষ ডেকা, বনদ্বীপ গোস্বামী, কাৰ্যকৰী সভাপতি যোগেশ মজুমদাৰ তথা সকলো কৰ্মকৰ্তাই জ্যেষ্ঠ সাংবাদিকজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।
লগতে কয় যে গুৱাহাটীত ‘সান্ধ্য বাতৰি’ৰ জৰিয়তে সাংবাদিকতা আৰম্ভ কৰা মোজাহিদুল হকে পিছৰ কালত ‘নতুন দৈনিক’ আৰু আৰম্ভনিৰ পৰাই ডেৰদশক ধৰি ‘অসমীয়া খবৰ’ কাকতৰ সৈতে জড়িত আছিল।’অসমীয়া খবৰ’ কাকতত কাৰ্যবাহী সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
সাংবাদিকতাৰ মাজে মাজে হাস্য-বংগ্য লিখনিও সৃষ্টি কৰি গৈছিল। ধুবুৰীৰ পৰা আহি গুৱাহাটীৰ কাহিলীপাৰাৰ সাংবাদিক কলনীৰ স্থায়ী বাসিন্দা হৈ পৰা সাংবাদিক মোজাহিদুলে মৃত্যুৰ সময়ত পত্নী-পুত্ৰ, আত্মীয়-স্বজন আৰু সহকৰ্মী সতীৰ্থক এৰি থৈ যায়।
ইফালে সাংবাদিক পৰিষদে নিছেই কম সময়ৰ ব্যৱধানত মৃত্যুবৰণ কৰা সাংবাদিক ক্ৰমে গুৱাহাটীৰ
মোজাহিদুল হক আৰু পদ্মেশ্বৰ চিত্ৰকৰ, যোৰহাটৰপ্ৰাঞ্জল হাজৰিকা আৰু গহপুৰৰ সুৰেশ চন্দ্ৰ বৰঠাকুৰৰ পৰিয়াল তথা নিকটাত্মীয়ক আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ অসম চৰকাৰৰ প্ৰতি আহ্বান জনাইছে।













