ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ
ভাৰতীয় ডাক বিভাগত নতুন সংযোজন।ক’ৰনা ভয়াৱহাতৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ডাক বিভাগৰ গুৱাহাটীৰ শাখাই আৰম্ভ কৰিছে মোবাইল ডাক সেৱা।যাৰ জড়িয়তে আপুনি ঘৰতে বহি লাভ কৰিব পাৰিব ডাক সেৱা সুবিধা।এই কথা প্ৰকাশ কৰিছে ভাৰতীয় ডাক সেৱা গুৱাহাটীৰ শাখাৰ উপ- মুখ্য তত্বৱধায়ক নন্দিতা চৌধুৰীয়ে।
তেওঁ জানিব দিয়া অনুসৰি প্ৰতিজন লোকে ঘৰতে ডাকঘৰ অাৰু বেংকৰ সুবিধা লব পাৰিব।ডাক ঘৰৰ জৰিয়তে যদি আপুনি যদি কোনো চিঠি-পত্ৰ পৰা আৰম্ভ কৰি মূল্যৱান কাগজ পত্ৰ প্ৰেৰণ কৰিব লাগে তেন্তে ডাকঘৰলৈ আপুনি আহিব নালাগে।ভাৰতীয় ডাক বিভাগৰ প’ষ্টমেনজনে আপোনাৰ ঘৰৰ পৰা লৈ অানিবগৈ অাপুনি কৰবালৈ প্ৰেৰণ কৰিব লগীয়া যিকোনো নথি-পত্ৰ অথবা পাৰ্চেল।

ইয়াৰ উপৰিও ডাকঘৰ অথবা অন্যান্য বেংকত ধন জমা কৰাৰ লগতে যদি আপুনি উলিয়াবৰ বিচাৰে তেন্তে অাপুনি বেংক অথবা এটিএমলৈ যোৱা প্ৰয়োজন নাথাকিব।কাৰণ ভাৰতীয় ডাক বিভাগৰ লোকে অাপোনাৰ ঘৰ অথবা কৰ্মস্থলীতে এই সুবিধা কৰি দিব- চৌধুৰীয়ে লগতে কয়।গুৰুত্বপূৰ্ণ কথা এই যে ঘৰতে বেংক সেৱা লাভ কৰা বাবে গ্ৰাহক জনৰ ডাকঘৰ অাৰু অাধাৰ কাৰ্ডৰ লগত সংযুক্ত বেংক একাউন্ট সংযোগ হব লাগিব।
সৰ্বাধিক ১০,০০০ টকালৈকে ধন উলিওৱা-জমা কৰাৰ ব্যৱস্থা থাকিব ভাৰতীয় ডাক সেৱা এই সুবিধাত-চৌধুৰীয়ে লগতে কয়।ভাৰতীয় ডাক সেৱা গুৱাহাটী শাখাই যোৱা ১৫মে’ৰ পৰা মোবাইল ডাক আৰম্ভ কৰিছে।প্ৰতিদিনে নতুন নতুন অঞ্চললৈ যায় বিশেষ গাড়ীখন।যিসমূহ অঞ্চলত বিশেষকৈ ডাক ঘৰৰ সুবিধা নাই।













