ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ:
লকডাউনৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ সকলৰ সহায় হোৱাকৈ আৰম্ভ হল ‘জ্ঞান বৃক্ষ’ নামেৰে এক শৈক্ষিক চেনেল।কেবল টিভিত উপলব্ধ হব লগা চেনেলটো শুভ উদ্ধোধন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।বিশেষ চেনেলটোত বুনিয়াদী পৰা দ্বাদশ শ্রেণীলৈ অভিজ্ঞ ব্যক্তি সকলে প্ৰতি দিনে ছাত্ৰ-ছাত্ৰীক পাঠদান দিব।
https://www.facebook.com/himantabiswasarma/videos/578561199437703/
সম্পূৰ্ন বিনামূলীয়াকৈ কেবুলত উপলব্ধ হব চেনেলতো। লকডাউনৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ শিক্ষা যাতে বাধাপ্ৰাপ্ত নহয় তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয় “লকডাউন মানে আনন্দ ফুৰ্তি কৰা সময় নহয়।উদ্ভাৱনী শক্তি জাগ্ৰত কৰা এইয়া সময়”।













