ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ,ডিফু
কাৰবি আংলঙ আৰু পশ্চিম কাৰবি আংলঙ জিলা দুখনে কোভিড-১৯ৰ সৈতে কেনেদৰে যুঁজিব তাৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰিবলৈ আজি এক বৈঠকত মিলিত হয় কাৰবি আংলঙ স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী বিষয়া তুলিৰাম ৰংহাং, পাৰ্বত্য এলেকা বিভাগৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী চুম ৰংহাং, সাংসদ হৰেনসিং বে’ আৰু স্বাস্থ্য বিভাগৰ ভাৰপ্ৰাপ্ত ইএম খনসিং ৰংপী।কাৰবি আংলঙ জিলা KAAC কনফাৰেঞ্চ হলত অনুষ্ঠিত উক্ত বৈঠকত উপস্থিত থাকে ইএমসকল, এমএচিসকল ভাৰপ্ৰাপ্ত মুখ্য সচিব, উপায়ুক্ত, আৰক্ষী অধীক্ষক, সচিবসকল, যুটীয়া স্বাস্থ্য সঞ্চালক, জিলা দুখনৰ চিকিৎসকসকল আৰু বিভিন্ন বিভাগৰ বিষয়াসকল। উক্ত বৈঠকত তলৰ সিদ্ধান্তসমূহ গ্ৰহণ কৰা হয়:

১) এমএচি সমষ্টিভিত্তিক গাঁও পৰ্যায়ৰ কোৱাৰেণ্টাইন কমিটি গঠন। দুয়োখন জিলাৰে উক্ত কমিটিৰ সভাপতি হিচাপে থাকিব স্থানীয় এমএচি আৰু সেই নিৰ্দিষ্ট স্থানৰ ভিডিচি সভাপতি, বিডিঅ’, চৰকাৰী গাওঁবুঢ়া, অংগনবাদী কৰ্মী, এএনএম/এমপিডব্লিউ/আশাসকল হ’ব কমিটিৰ সদস্য।
২) থকা-খোৱাৰ ব্যৱস্থা জিলা প্ৰশাসনৰ জৰিয়তে কৰিব।
৩) প্ৰতিটো সমষ্টিয়েই কোৱাৰেণ্টাইন কেম্প স্থাপন কৰিব লাগিব। ইয়াৰ উপৰি চিইএম ৰংহাঙে প্ৰয়োজনীয় মেডিকেল কিটসমূহ আৰু সৰঞ্জামসমূহৰ পর্যাপ্ততা নিশ্চিত কৰিবৰ বাবেও চিকিৎসা দলক নিৰ্দেশ প্ৰদান কৰে। দুয়োখন জিলাতে এইসমূহৰ উপৰি হৰ্ডিঙ আৰু অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰো ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে ইয়াক অমান্য কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও জনায়।
আনহাতে, এক টেলিফনিক বাৰ্তালাপত স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পিয়ুষ হাজৰিকাই দুয়োখন জিলাতে প্ৰয়োজনীয় সকলো চিকিৎসা সামগ্ৰীৰ উপলব্ধতা পৰ্যাপ্ত কৰাৰ আশ্বাস দিয়াৰ লগতে কোৱাৰেণ্টাইন কেন্দ্ৰসমূহ সঠিকভাৱে পৰিচালনাৰ বাবে মুখ্য কাৰ্যবাহী সদস্যগৰাকীক আহ্বান জনায় বুলিও প্ৰকাশ কৰে।
ইয়াৰ উপৰি KAAC-এ জিলা প্ৰশাসনৰ সৈতে জিলা দুখনলৈ দৈনিক বাহিৰৰ পৰা অহা লোকৰ নাম পঞ্জীয়ন কৰিব আৰু চিকিৎসা কৰ্মীয়ে স্কেনিং কৰি যদি কিবা সন্দেহজনক পৰিস্থিতিৰ উদ্ভৱ হয় তেতিয়াহ’লে তেনে লোকক চিকিৎসালয়ত বা স্বীকৃতিপ্ৰাপ্ত কোৱাৰেণ্টাইন কেন্দ্ৰত ৰখা হ’ব বুলিও জনায়













