ASSAM TIMES POST
আজিজুৰ ৰহমান হাজৰিকা:
এক ডাঙৰ সফলতা হিচাপে আজি সেনা-আৰক্ষীৰ এটা দলে বৃহৎ পৰিমাণৰ অত্যাধুনিক মাৰণাস্ত্ৰ উদ্ধাৰ কৰে। সেনাৰ এক গোপন সূত্ৰৰ ভিত্তিত অৰুণাচলৰ মিয়াও বাম অৰণ্যত সেনাবাহিনীৰ নৱম ৰাজপুটনা ৰাইফল আৰু আৰক্ষীয়ে চলোৱা যুটীয়া অভিযানত এই অস্ত্ৰখিনি উদ্ধাৰ হয়।
আৰক্ষীৰ হৈ অভিযানত নেতৃত্ব প্ৰদান কৰিছিল মিয়াও এছডিপিঅ’ৰ উপ আৰক্ষী অধীক্ষক টাচি দৰং, আৰু তেওঁক সহযোগ কৰিছিল চাংলাংৰ আৰক্ষী অধীক্ষকৰ তত্বাৱধানত কেপ্টেইন এ য়ুবিন আৰু কেপ্টেইন ডিটি দিৰিকপাই।
নেৰানেপেৰা বৰষুণক নেওচি অভিযান চলোৱা দলটোৱে মিয়াও বামৰ ঘন অৰণ্যৰ মাজলৈ সোমাই যায় আৰু এই বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে এই অত্যাধুনিক অস্ত্ৰসমূহ এডাল প্রকাণ্ড গছৰ তলত লুকুৱাই থোৱা আছিল।
অভিযানত উদ্ধাৰ হয় এটা AK56 asult ৰাইফল, তিনিটা AK56 মেগজিন আৰু ১১৫ ৰাউণ্ড AK56 ৰাইফল (7.62mm), এটা UBGL (40mm), এটা হাত গ্ৰেণেড, দুডাল বিস্ফোৰক পাউদাৰ জেল (500gm), বিস্ফোৰক গান পাউদাৰ (250gm), cordex ১ মিটাৰ, ১.২২ পিষ্টল, ৩ ৰাউণ্ড (.22)।সন্দেহযুক্ত উগ্ৰপন্থীৰ বিৰুদ্ধে এখন FIR দাখিল কৰা হৈছে আৰু অস্ত্ৰ আইনৰ নিৰ্দিষ্ট ধাৰাৰ অধীনত গোচৰ পঞ্জীয়ন কৰা হৈছে।