ASSAM TIMES POST
নিউজ ডেস্ক :
চত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অজিত যোগীৰ আজি ৭৪ বছৰ বয়সত দেহাৱসান ঘটে৷ উল্লেখ্য যে যোগী চলিত মাহৰ আৰম্ভণিতে হৃদৰোগত আক্ৰান্ত হৈ এখন ব্যক্তিগত হস্পিটেলত ভৰ্তি হৈছিল আৰু পিছত তেওঁ কমালৈ গুচি গৈছিল৷
অজিত যোগী আছিল চত্তিশগড়ৰ প্ৰথম মুখ্যমন্ত্ৰী৷ চত্তিশগড়ে সুকীয়া ৰাজ্যৰ মৰ্যাদা পোৱাৰ পিছত নৱেম্বৰ, ২০০০ৰ পৰা নৱেম্বৰ, ২০০৩লৈ কংগ্ৰেছ দলৰ মুখ্যমন্ৰী০০ আছিল৷ পিছত ২০১৬ চনত অমিত যোগীৰ সৈতে হোৱা সংঘাতৰ ফলত তেওঁ কংগ্ৰেছ ত্যাগ কৰি নিজৰ দল জেচিচি (ইউ) দঠন কৰিছিল৷










