ASSAM TIMES POST
নিউজ ডেস্ক:
দেশত কৰোনা সংক্ৰমণৰ বাবে বন্ধ আছে সকলো শিক্ষানুষ্ঠান৷ কিন্তু তাৰ মাজতো শিক্ষাবৰ্ষ অব্যাহত ৰখাৰ বাবে অনলাইনযোগে প্ৰায় সকলোতে পাঠদান কাৰ্য আগবঢ়াই নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে শিক্ষানুষ্ঠানসমূহে৷ তাৰ মাজতে আহুকালত পৰিছে ছাত্ৰ-ছাত্ৰীসকল৷
কিয়নো অনলাইন পাঠ গ্ৰহণৰ বাবে কাৰোবাৰ ওচৰত যদি নাই স্মাৰ্টফোন, কাৰোবাৰ নাই আকৌ সুবিধাজনক নেটৱৰ্ক৷ওপৰৰ ছবিখনৰ যুৱতীগৰাকী হ’ল কেৰালাৰ এগৰাকী স্নাতক পঞ্চম ষাম্মাসিকৰ ইংৰাজী বিভাগৰ ছাত্ৰী৷ নাম নমিতা নাৰায়ণন৷ কিন্তু বেয়া নেটৱৰ্কৰ বাবে অনলাইল পাঠদানৰ সুবিধা গ্ৰহণ কৰিব নোৱাৰি তেওঁ ঘৰটোৰ মূধচলৈ উঠি গৈ পাঠ গ্ৰহণ কৰিবলগীয়া অৱস্থা হৈছে৷
ছাত্ৰীগৰাকীৰ পিতৃয়ে প্ৰকাশ কৰামতে, তেওঁ বহু কেইটা মোবাইল ফোন সলনি কৰিলে ভাল মোবাইল নেটৱৰ্কৰ বাবে৷ কিন্তু কেব’লৰ অভাৱৰ বাবে নেটৱৰ্ক পোৱাত অসুবিধা৷ ঘৰৰ বিভিন্ন স্থানত গৈ ভাল নেটৱৰ্কৰ সন্ধান কৰে যদিও ব্যৰ্থ হয়৷ অৱশেষত ঘৰৰৰ মূধচত সুবিধাজনক নেটৱৰ্ক লাভ কৰে৷ সেয়ে নমিতাই ঘৰৰ মূধচত উঠি পাঠ গ্ৰহণ কৰিবলগা হৈছে৷উল্লেখ্য যে নমিতাই কেৰালাৰ কুট্টিপ্পুৰমৰ KMCT কলেজৰ ছাত্ৰী।
তেওঁৰ পিতৃ কোট্টাক্কাল আৰ্য বৈদ্যশালাৰ এগৰাকী কৰ্মচাৰী আৰু মাতৃ এগৰাকী শিক্ষয়িত্ৰী। দুয়োৱে তেওঁক ঘৰৰ চালত উঠি অনলাইন পাঠ গ্ৰহণৰ বাবে সমৰ্থন কৰি আহিছে। নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি নমিতাই কয় যে বৰষুণ ডাঙৰ সমস্যা নহয় যদিও ধেৰেকনি আৰু বজ্ৰপাতক ভয় লাগে। তেওঁৰ দৰে বহু ছাত্ৰ-ছাত্ৰীয়ে এই সমস্যাত ভুগি বিভিন্ন পন্থা অৱলম্বন কৰিবলগা হোৱাৰ কথাও উল্লেখ কৰে।










