ASSAM TIMES POST
নিউজ ডেস্ক:
ক’ৰোনা ভাইৰাছ সংক্রমণৰ এই কঠিন পৰিস্থিতিত ডাঙৰ সিদ্ধান্ত ল’লে কেন্দ্রীয় চৰকাৰে। ৰাজ্যসমূহক তিনি মাহৰ জিএছটি ক্ষতিপূৰণৰ টকা দিলে কেন্দ্রই। ২০১৯ বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা ২০২০ চনৰ ফেব্রুৱাৰী মাহলৈ জিএছটি আদায়ত যি ঘাটি হৈছে সেই ক্ষতিৰ বাবদ ৩৬,৪০০ কোটি টকা দিয়া হৈছে।
এই কঠিন পৰিস্থিতিত ৰাজ্যসমূহক এই সাহায্যই যে ব্যাপকভাৱে উদ্বুদ্ধ কৰিব তাক কোৱা বাহুল্য।উল্লেখযোগ্য যে ৰাষ্ট্রক উদ্দেশ্যি দিয়া নিজৰ শেহতীয়া ভাষণত প্রধানমন্ত্রী নৰেন্দ্র মোদিদৰে ২০ লক্ষ কোটি টকাৰ আর্থিক পেকেজ ঘোষণা কৰিছিল।
সেই টকা কেনেদৰে খৰচ হ’ব তাৰ বিবৃতি দিছিল কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে। এইবাৰ ৰাজ্যসমূহক জিএছটিৰ বাবদ বিপুল অর্থ দিলে কেন্দ্রেৰ বিজেপি চৰকাৰে। এই পৰিস্থিতিত ৰাজ্যসমূহে যে হেৰুওৱা অৰ্থনীতি পুনৰুদ্ধাৰ কৰিব পাৰিব সেয়া আশা কৰা হৈছে।










