ASSAM TIMES POST
নিউজ ডেস্ক:
ক’ৰোনাৰ চিকিৎসাত বেচৰকাৰী হস্পিটেলসমূহে চৰকাৰৰ ‘আয়ুষ্মান ভাৰত’ প্রকল্পত নির্ধাৰিত খৰচ মানিয়েই বিল কৰিছেনে নাই, সেয়া জানিব বিচাৰে ছুপ্রিম কোর্টে। আগন্তুক দুসপ্তাহৰ ভিতৰত কেন্দ্রীয় চৰকাৰ আৰু হস্পিটেলসমূহৰ সংগঠকে জনাব লাগিব, এই প্রকল্প মানি বেচৰকাৰী হস্পিটেলসমূহত কম খৰচত ক’ৰোনাৰ চিকিৎসা কৰা সম্ভৱ হয়নে নহয়৷

এক জনস্বার্থ জড়িত গোচৰৰ আবেদনকাৰী, অধিবক্তা শচীন জৈনে কৰোনা চিকিৎসাৰ বিলৰ ক্ষেত্রত বেচৰকাৰী হস্পিটেলসমূহক নিয়ন্ত্রণৰ বাবে কেন্দ্রীয় চৰকাৰক নির্দেশ দিয়াৰ বাবে আর্জি জনাইছিল। তেওঁৰ বক্তব্য, হস্পিটেলসমূহে ৰোগীৰ পৰা ১০-১২ লাখ টকা বিল কৰিছে।
অথচ কম খৰচত চৰকাৰৰ পৰা মাটি পাইছিল তেওঁলোকে। অতিমাৰীৰ সময়ত নিজৰ লাভৰ বাবে বেচৰকাৰী হস্পিটেলসমূহে যাতে মানুহৰ ওপৰত বোজা জাপিব নোৱাৰে আৰু চিকিৎসাৰ প্রয়োজনীয় খৰচেই কেৱল লয়, তাক নিৰীক্ষণৰ আবেদন জনাইছিল তেওঁ।
এই গোচৰত প্রধান ন্যায়াধীশ শৰদ অৰবিন্দ বোবডেই আজে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ঘোষণা কৰা ২০১৭ চনৰ ‘আয়ুষ্মান ভাৰত’ প্রকল্পৰ কথা টানি আনি কয়, ‘‘আমি জানিব বিচাৰিছো, ( ক’ৰোনা চিকিৎসাত) এই প্রকল্পত বান্ধি দিয়া টকা ল’বলৈ হস্পিটেলসমূহ ৰাজী আছেনে নাই৷’’
আনহাতে, বেচৰকাৰী হস্পিটেলসমূহৰ অধিবক্তা হৰিশ সালভেৰ যুক্তি, অতিমাৰীৰ সময়ত ৰোগী কম আহিছে। হস্পিটেলসমূহৰ আয় ৭০ শতাংশ কমি গৈছে। তেওঁলোকৰ আৰু এগৰাকী অধিবক্তা মুকুল ৰোহতগিয়ে জনায়, যিসকল এই প্রকল্পৰ আওতাত নাই, সেই ৰাগীসকলৰ পৰা কম টকা লোৱা সম্ভৱ নহয়।










