ASSAM TIMES POST
নিউজ ডেক্স:
ভাৰত আৰু চানত ব্যাপক হাৰত কৰোনা পৰীক্ষা হোৱা নাই। সঠিকভাৱে পৰীক্ষা হ’লে তাত আক্রান্তৰ সংখ্যা আৰু বাঢ়িব। এই মন্তব্য মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ। কৰোনা পৰিস্থিতি চম্ভালিবলৈ গৈ নিৰন্তৰ বিৰোধীৰ প্রশ্নৰ সন্মুখীন হ’বলগা হৈছে ট্ৰাম্পৰ চৰকাৰক। এনেকুৱা পৰিস্থিতিত নিজৰ ভাবমূর্তি ৰক্ষার্থেই ভাৰত আৰু চীনৰ সৈতে তেওঁ আমেৰিকাৰ তুলনা টানিছে বুলি অনুমান কৰিছে বিশেষজ্ঞ মহলে।
উন্নত মানৰ ৰেপিড টেষ্টৰ কিট তৈয়াৰ কৰে পিউৰিটান সংস্থাই। তেওঁলোকৰ সেই কিটৰ মাধ্যমেৰে পৰীক্ষা কৰা গ’লে ভাৰত আৰু চীন, দুই দেশতেই আক্রান্তৰ সংখ্যা বহু বেছি হ’ব বুলি দাবী কৰে ট্রাম্পে। তেওঁ কয়, ‘‘দেশবাসীয়ে জানিব বিচাৰে, আমা ৰইয়াত বেছি পৰীক্ষা হয় বুলিয়েই বেছি সংখ্যক ৰোগী ধৰা পৰে। ভাৰত আৰু চীনত ব্যাপক হাৰত পৰীক্ষা হ’লে তাতো আক্রান্তৰ সংখ্যা বহু বাঢ়িব।’’










