ASSAM TIMES POST
নিউজ ডেস্ক:
ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হৈছে কুখ্যাত আণ্ডাৰৱর্ল্ড ডন ডাউদ ইব্রাহিমৰ। চোৰাংচোৱা সূত্রই প্ৰকাশ কৰিছে এই খবৰ। পাকিস্তানৰ কৰাচী চহৰৰ লিয়াকত সামৰিক হস্পিটেলত চিকিৎসা চলি আছিল মুম্বাই ধাৰাবাহিক বিস্ফোৰণৰ অন্যতম অপৰাধীজনৰ।
সূত্রৰ খবৰ মতে, শুক্রবাৰে নিশা ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হৈছে ডাউদৰ। কালিৰ পৰাই কৰাচীৰ লিয়াকত সামৰিক হস্পিটেলত চূড়ান্ত ব্যস্ততা দেখা গৈছিল। পাক সেনাৰ শীর্ষ বিষয়া আৰু চোৰাংচোৱা সংস্থা আইএছআইৰ বহুকেইজন বিষয়াক হস্পিটেলখনত গম্ভীৰভাৱে প্রবেশ কৰা আৰু বাহিৰলৈ ওলোৱা দেখা গৈছে বুলিও সূত্ৰটোত প্ৰকাশ।










