ASSAM TIMES POST
নিউজ ডেক্স:
দেশত ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ দিশত অভিলেখ গঢ়ি আছে৷ যোৱা ২৪ ঘণ্টাত দেশত প্ৰায় ১০ হাজাৰ লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ ইতিমধ্যে ক’ৰোনা সংক্ৰমণৰ ক্ষেত্ৰত স্পেইনক পিছ পেলাই ভাৰতে পঞ্চম স্থান দখল কৰিছে৷ এনে সময়তে সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞানৰ সঞ্চালক ৰণদীপ গুলেৰিয়াই কয়, লকডাউনৰ পৰা একো লাভ নহ’ল৷
আগন্তুক দুই-তিনি মাহৰ ভিতৰত দেশত ক’ৰোনা সংক্রমণৰ হাৰ শীৰ্ষত উঠিব৷ ভাৰতত এতিয়াও বেয়া সময় অহা নাই৷ সৰ্বভাৰতীয় সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয়, যোৱা দুমাহ ধৰি দেশত লকডাউন চলিছে৷ তাৰ পাছতো সংক্ৰমণ কমা নাই৷ বৰং বাঢ়িছেহে৷
এইমছৰ সঞ্চালকজনৰ বক্তব্য, দেশত এতিয়াও গোষ্ঠী সংক্রমণ আৰম্ভ নহ’লেও আগন্তুক ২-৩ মাহৰ ভিতৰত সংক্রমণৰ হাৰ মাৰাত্মক ধাৰণ কৰিব৷ তেওঁৰ দাবী দেশৰ যিবোৰ এলেকা হটস্পট বুলি চিহ্নিত কৰা হৈছে, সেইবোৰ এলেকাত গোষ্ঠী সংক্ৰমণৰ যথেষ্ট সম্ভাৱনা আছে৷ তেওঁ লগতে জনাই যে বিশ্বৰ আন দেশৰ তুলনাত ভাৰতত মৃত্যুৰ হাৰ বহু কম৷










