ASSAM TIMES POST
নিউজ ডেস্ক:
ক’ৰোনাৰ বাবে এইবাৰৰ হজ চৌডি চৰকাৰে অনুষ্ঠিত কৰিবনে নাই সেয়া এতিয়াও অনিশ্চিত৷ তাৰ লগতে অনিশ্চয়তাই দেখা দিছে ভাৰতীয় মুছলিমসকলৰ হজযাত্ৰাতো৷ অৱশ্যে চৌডি আৰব চৰকাৰে এইবাৰ হজ অনুষ্ঠিত কৰা বা নকৰাক লৈ বৰ্তমানলৈ কোনো আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰা নাই৷
তেওঁলোকৰ সিদ্ধান্ত স্পষ্ট কৰাৰ পিছতহে ভাৰত চৰকাৰে বিষয়টো সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি ভাৰতীয় হজ কমিটীৰ এক সূত্ৰত প্ৰকাশ৷ইফালে ভাৰতীয় হজ কমিটিয়ে জাৰি কৰা এক জাননীত কোৱা হৈছে যে ২০২০ৰ হজৰ প্ৰস্তুতিৰ বাবে মাজত মাত্ৰ কেইটামান সপ্তাহ বাকী৷
কিন্তু চৌডি আৰব চৰকাৰে বৰ্তমানলৈ হজযাত্ৰা সন্দৰ্ভত কোনো ধৰণৰ তথ্য উপলব্ধ কৰোৱা নাই৷ সেয়ে ভাৰতীয় হজ কমিটীয়ে যিসকল হজযাত্ৰীয়ে চলিত বৰ্ষৰ হজযাত্ৰা বাতিল কৰিব বিচাৰে তেওঁলোকক জমা দিয়া ১০০ শতাংশ কোনো ধৰণৰ কৰ্তন নকৰাকৈ ঘূৰাই দিয়া হ’ব৷
ভাৰতীয় হজ কমিটীৰ মুখ্য কাৰ্যবাহী বিষয়া মাচুক আহমেদ খানৰ দ্বাৰা জাৰি কৰা জাননীত এই কথা প্ৰকাশ৷উল্লেখ্য যে এইবাৰৰ হজযাত্ৰাত চৰকাৰীভাৱে পঞ্জীয়নকৃত ২ লাখ লোকে ভাৰতৰ পৰা অংশগ্ৰহণ কৰাৰ কথা৷ ইয়াৰ উপৰি ব্যক্তিগত বিভিন্ন সংস্থাৰ জৰিয়তেও ভাৰতৰ পৰা চৌডি আৰবলৈ প্ৰতিবছৰে বহু সংখ্যক লোকে হজযাত্ৰাত অংশ লয়৷










