ASSAM TIMES POST
সমগ্ৰ পৃথিৱীতে এতিয়া ক’ৰোনা ভাইৰাছৰ আতংকত আছে৷ কিন্তু তাৰ মাজতে কেইখনমান দেশ আছে য’ত ক’ৰোনা সংক্ৰমণ হোৱা নাই আৰু কেইখনমান আছে সংক্ৰমণ হোৱাৰ পাছত এতিয়া মুক্ত৷ সেই দেশবোৰৰ ভিতৰত সাতখন দেশ এছিয়া, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, এণ্টাৰটিকা, ইউৰোপ আৰু অষ্ট্ৰেলিয়াত আছে৷ উল্লেখ্য যে কোনো স্থায়ী মানুহ নথকা এণ্টাৰটিকাত ক’ৰোনা ভাইৰাছ শূন্য৷ আন ক’ৰোনা ভাইৰাছ সংক্ৰমণ নোহোৱা দেশবোৰ হ’ল
** উত্তৰ কোৰিয়া৷ এছিয়াৰ এই দেশখনত ক’ৰোনাত আক্ৰান্ত নাই৷
** এছিয়াৰ আনখন ক’ৰোনা শূন্য দেশ হ’ল তুর্কমেনিয়া৷
** তাজিকিস্তানত ক’ৰোনাত আক্ৰান্ত নাই৷ এইখন দেশত মাত্ৰ এজন লোক আক্ৰান্ত হৈছিল৷
** আফ্ৰিকাৰ লেছোথো আৰু কমোৰ’ছত শূন্য ক’ৰোনা আক্ৰান্ত দেশ৷ অৱশ্যে শেহতীয়াকৈ দুয়োখন দেশত ক’ৰোনাত আক্ৰান্তৰ খবৰ পোৱা গৈছে৷
** ওচেনিয়াত ক’ৰোনা আক্ৰান্ত নাই৷
** ওচেনিয়াৰ দহখন ক’ৰোনাত আক্ৰান্ত নোহোৱা দেশ হ’ল
* কিৰিবাটি, জনসংখ্যা প্ৰায় এক লাখ৷
* টুভাল, জনসংখ্যা ১১০০০ জন৷
* টংগু, জনসংখ্যা এক লাখ৷
* ছামোৱা, জনসংখ্যা ১.৯০ লাখ৷
* মাৰ্ছেল আইলেণ্ড, জনসংখ্যা ৬০ হাজাৰ৷
* নাউৰু, জনসংখ্যা ১২ হাজাৰ৷
* ছ’ল’ম’ন দ্বীপ, জনসংখ্যা ৬.৫ লাখ৷
* পালাউ, জনসংখ্যা ১৭০০০৷
* ভানুৱাটিউ, জনসংখ্যা ২.৯ লাখ৷
* মিকৰ’নেছিয়া, জনসংখ্যা ১.১ লাখ৷
* শেহতীয়াকৈ নিউজীলেণ্ড
* গ্ৰীণলেণ্ড, মাত্ৰ ১৩ জন আক্ৰান্ত হৈ আটায়ে সুস্থ৷
* আইচলেণ্ড৷
** ভূটান, ভিয়েটনাম, টাৱাইনত ৫০ জনকো কম লোক ক’ৰোনা ভাইৰাছত আক্ৰান্ত হয়৷
** খুদ’ছ, ক’ৰোনা ভাইৰাছ সংক্ৰমণ হোৱা নাই৷










