ASSAM TIMES POST
নিউজ ডেস্ক:
উচ্চবর্ণৰ ছোৱালীৰ সৈতে প্রেমৰ সম্পর্ক গঢ়ি তোলাৰ বাবে দলিত যুৱকক নৃশংসভাৱে কোবাই মাৰিলে প্রেমিকাৰ পৰিয়ালৰ লোকে। হাস্পতালত মৃত্যুকালীন জবানবন্দীত সমগ্ৰ ঘটনাৰ কথা জনাইছে যুৱকজনে। সেই জবানবন্দীৰ ভিত্তিতে অভিযুক্ত ছয়জনক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে।তাৰে ভিতৰত দুজন নাবালক। ঘটনাটো ঘটিছে পুণেৰ সৌদাগৰত।
প্ৰহাৰত মৃত্যুবৰণ কৰা দলিত যুৱকজনৰ নাম বিৰাজবিলাস জগতপ।
২০ বছৰীয়া যুৱকজনৰ সৈতে এগৰাকী যুৱতীৰ প্রেমৰ সম্পৰ্ক আছিল। বিৰাজ দলিত বাবেই সেই সম্পর্কত আপত্তি আছিল ছোৱালীৰ পৰিয়ালৰ লোকসকলৰ। বিৰাজৰ জ্যেষ্ঠ ভাতৃ সাগৰ জগতপে জনোৱা মতে, ৭ জুনৰ নিশা ৯ বজাত ছোৱালীজনীৰ পৰিয়ালৰ লোকে বিৰাজক ফোন কৰে।
প্রেমৰ সম্পর্কক লৈ আলোচনা কৰাৰ বাবে বিৰাজক ঘৰলৈ মাতে। সেই ফোন পাইয়ে প্রেমিকাৰ ঘৰলৈ যোৱাত ছোৱালীজনীৰ পৰিয়ালৰ লোকসকলে তেওঁক তীব্র গালিগালাজ কৰে। জাতক লৈ অপমানজনক মন্তব্যও কৰে।তাৰ পৰা বাইকেৰে ঘৰলৈ উভতাৰ সময়ত বিৰাজৰ ওপৰত আক্ৰমণত নামি পৰে ছোৱালীজনীৰ পৰিয়ালটো। ৰাস্তাত পেলাই লৈ লাঠি, ৰডেৰে পিটে তেওঁক। ডাঙৰ শিলেৰেও মাৰে।
ইফালে বিৰাজৰ পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত স্তানীয় আৰক্ষী থানাত ছোৱালীজনীৰ পৰিয়ালটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়৷ তাৰ পিছতে ছোৱালীজনীৰ পিতৃসহ মুঠ ছয়জনক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে। তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ একাধিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে।










