ASSAM TIMES POST
নিউজ ডেক্স:
প্রায় ৫০,০০০ বছৰৰ আগেয়ে উল্কাপিণ্ড পৰি এটা গাঁতৰ সৃষ্টি হৈছিল৷ সেই গাঁতটোৱে হয়গৈ এটা হ্ৰদ৷ এতিয়া এই হ্ৰদৰ পানীৰ ৰং সলনি হৈ পৰিছে ৷ এই হ্ৰদটো আছে মহাৰাষ্ট্ৰৰ বুলধানা জিলাত৷ এই হ্ৰদটোৰ নাম লোনাৰ হ্ৰদ৷ যোৱা কেইটামান দিনৰ পৰা হ্ৰদটোৰ পানীৰ ৰং ৰঙচুৱা গোলাপী হৈ পৰিছে৷
ইয়াকে লৈ স্থানীয় লোকসকলৰ লগতে পৰিৱেশবিদ আৰু প্রাণী বিজ্ঞানীসকল চিন্তিত হৈছে৷ বন বিভাগে পানীৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰিছে৷ লোনাৰৰ জিলা প্ৰশাসক ছৈফান নাদাফে এই কথা জনাইছে৷ প্ৰাথমিক পৰীক্ষাৰ প্ৰতিবেদন মতে পানীত লবন বাঢ়িছে আৰু এলগিৰ অতিৰিক্ত উপস্থিতিৰ বাবে এইদৰে ৰং সলনি হৈছে৷
বিশেষজ্ঞসকলৰ মতে ইয়াৰ আগেয়ে লোনাৰ হ্ৰদৰ ৰং ৰঙচুৱা বা গোলাপী দেখা গৈছিল৷ কিন্তু এইবাৰ ৰঙৰ পৰিমাণ বেছি৷ এই হ্ৰদত বহু পৰিমাণৰ জলজ উদ্ভিদ আছে৷ বৰষুণ নোহোৱাত হ্ৰদত পানীৰ পৰিমাণ কমি গৈছে৷ তুলনামূলকভাৱে পানী কমি যোৱাত লবনৰ পৰিমাণ বাঢ়ি গৈছে৷ ফলত পানীৰ ৰং গোলাপী হৈ পৰিছে৷ হ্ৰদ সংৰক্ষণ সমিতিৰ এজন সদস্যই এইদৰে কয়৷










