ASSAM TIMES POST
নিউজ ডেস্ক:
কাশ্মীৰ উপত্যকাত পুনৰ অস্ত্রবিৰতি চুক্তি লঙ্ঘন কৰি গুলিবর্ষণ কৰে পাক সেনাই। ৰাজৌৰি আৰু পুঞ্চৰ বিভিন্ন ছেক্টৰত নিয়ন্ত্রণৰেখাৰ ওচৰ-পাজৰৰ একাধিক স্থানত সীমান্তৰ ওপৰৰ পৰা এই গুলিবর্ষণ কৰা হৈছে। ফলত এজন সেনা জোৱান নিহত হৈছে আৰু এজন স্থানীয় গাঁওবাসী আহত হৈছে।
আনহাতে, কেইবাটাও ঘৰৰ ক্ষয়ক্ষতি হৈছে। প্ৰত্যুত্তৰ দিছে ভাৰতীয় সেনাইও।আৰক্ষী আৰু সেনা সূত্রে জানিব পৰা মতে, বুধবাৰে পুৱতি নিশাৰ পৰা মেন্ধাৰ চেক্টৰত নিয়ন্ত্রণ ৰেখাৰ গাঁওসমূহক লক্ষ্য কৰি একাধিক পোষ্টৰ পৰা অকস্মাতে মর্টাৰৰ পৰা গোলাবর্ষণ আৰম্ভ কৰে পাক সেনা জোৱানসকলে।
ফলত তাৰকুণ্ডি এলেকাত মোতায়েন এজন সেনা জোৱান গুৰুতৰভাৱে আহত হযে। তেওঁক ৰাজৌৰি সেনা হস্পিটেললৈ নিয়া হয় যদিও তাতেই তেওঁৰ মৃত্যু হয়। আনহাতে,পাক সেনাৰ মর্টাৰত আহত হয় ৰাজৌৰিৰ মাঞ্জাকোট এলেকাৰ ৰাজধানী গাঁৱৰ বাসিন্দা পেছাত আৰক্ষী কনিষ্টবল নিয়ামতউল্লাহ।










