ASSAM TIMES POST
নিউজ ডেস্ক : ভাৰতসহ বিশ্বৰ ১১০-১১২ কোটি লোক চৰম দাৰিদ্ৰ্যৰ কবলত পৰিবলৈ গৈ আছে। আনহাতে, কেৱল ভাৰততেই চৰমভাৱে দুখীয়া হ’ব ১০ কোটিৰো অধিক লোক। এক আন্তর্জাতিক গৱেষকৰ দলে এই উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে। উল্লেখ্য যে কৰোনাৰ সংক্ৰমণ ৰুধিবলৈ দিয়া লকডাউনৰ ফলত বিশ্ব অর্থনীতি তচনচ হৈ পৰিছে৷ আৰু তাৰ ফলতেই আগন্তুক দিনত বিশ্বৰ দৰিদ্ৰ লোকৰ এইখন ছবি আমি প্ৰত্যক্ষ কৰিব লাগিব বুলি গৱেষণাটোৱে প্ৰকাশ কৰিছে।
উল্লেখ্য যে আজি এই গৱেষণাৰ বিষয়ে প্রকাশ কৰে ৰাষ্ট্রসংঘৰ বিশ্ববিদ্যালয় বিভাগৰ অধীনত থকা ‘ইউএনইউ-ৱাইডাৰ’-এ। আনহাতে, এই গৱেষক দলটোত আছে লণ্ডনৰ কিংছ কলেজ আৰু অষ্ট্ৰেলিয়ান নেচনেল ইউনিভাৰ্ছিটীৰ অর্থনীতিবিদসকল।










