ASSAM TIMES POST
নিউজ ডেক্স:
থাইলেণ্ডৰ দুখন ৰেস্তোৰাই বিজ্ঞাপন দিছিল, বিভিন্ন সামুদ্ৰিক প্ৰাণীৰ সুস্বাদু সকলো খাদ্য সম্ভাৰ পোৱা যায়৷ এপিচার্ট বোৱ’ৰ্ণবেনচাৰাক আৰু প্রাপাচাৰণ নামৰ ৰেস্তোৰা দুখনত এই প্ৰাণীবোৰৰ খাদ্য সম্ভাৰ পোৱাৰ কথা বিজ্ঞাপনৰ জৰিয়তে জনাই বিক্ৰী বঢ়োৱাৰ চেষ্টা কৰিছিল৷ কিন্তু সমস্যা আহিল তাতেই৷
ৰেস্তোৰাত সামুদ্রিক প্রাণী ৰখাৰ অপৰাধত অভিযুক্ত কৰা হ’ল৷ গোচৰ চলিল৷ থাইলেণ্ডৰ এই দুখন ৰেস্তোৰাৰ মালিকক দোষী সাব্যস্ত কৰিলে আদালতে৷ আদালতে দুয়োখন ৰেস্তোৰাৰ মালিকৰ প্ৰত্যেককে ৭২৩ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰিলে৷ ইয়াৰে লৈ থাইলেণ্ডত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কম মূল্যৰ সামুদ্রিক প্রাণীৰ খাদ্য সম্ভাৰৰ বিজ্ঞাপন দিছিল এই দুয়োখন ৰেস্তোৰাই৷
তাতেই পৰিল বিপদত৷ এজন গ্ৰাহকে অভিযোগ দিলে৷ আদালতত গোচৰ চলিল৷ পাব্লিক প্রচিকিউটৰে দাবী কৰিলে যে এনেদৰে বিজ্ঞাপন দি সামুদ্রিক প্রাণীৰ খাদ্য সম্ভাৰ বিক্ৰী কৰা বেআইনী৷ থাইলেণ্ডৰ আইন অনুযায়ী বিচাৰকে দুয়োজন মালিকৰ শাস্তি ঘোষণা কৰে৷ দুয়োজন মালিকক ৭২৩ বছৰকৈ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে৷
তাৰ পাছত শাস্তিক লৈ প্ৰশ্ন উত্থাপন হয়৷ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিচাৰকে শাস্তিৰ সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হয়৷ উল্লেখ্য যে থাইলেণ্ডত ২০ বছৰৰ বেছি কাৰাদণ্ড দিয়া নহয়৷ ইপিনে, ৰেস্তোৰাৰ এজন মালিকক যোৱা বছৰ ছেপ্টেম্বৰ মাহত গ্ৰেপ্তাৰ কৰিছিল৷ আনজনক কিছুদিন আটক কৰি ৰাখিছিল৷ অৱশেষত দুয়োজন ৰেস্তোৰাৰ মালিকৰ ১৮ লাখ সাত হাজাৰ পাঁচশ বাট জৰিমনা বিহা হয়৷










