ASSAM TIMES POST
নিউজ ডেস্কঃ চীনত দিনক দিনে বাঢ়ি গৈছে লিঙ্গ বৈষম্য। ইয়াৰ ফলত চীনৰ পৰিস্থিতি বহুত বেয়া হৈ গৈ আছে। আৰু তাতেই চীনত অবিবাহিত পুৰুষৰ ক্রমবর্ধমান যেন সংকটৰ মুখলৈ আগবাঢ়িছে।
এগৰাকী চীনা অধ্যাপকে নতুন পৰিসংখ্যা প্রকাশ কৰি কৈছে যে, ২০৫০ চনৰ ভিতৰত ৩ কোটি লোক অবিবাহিত হৈ থাকিব। এই সংকট সমাধানৰ বাবে তেওঁ কর্তৃপক্ষক বৈপ্লবিক পৰিবর্তন অনাৰ পৰামর্শ দিছে। চৰকাৰে মহিলাসকলক দুজন বা ততোধিক স্বামী ৰখাৰ অধিকাৰ দিয়া উচিত বুলিও তেওঁ কৈছে।
চীনা অর্থনীতিবিদ ইকংকং এনজিয়ে কয় যে, মহিলাসকলক কিছু সময়ৰ বাবে দুজন বা ততোধিক স্বামীৰ অধিকাৰ দি এই সামাজিক সমস্যাটো সমাধান কৰিব পাৰে। তেওঁ লগতে কয়, তেওঁৰ পৰামর্শ গ্রহণ কৰিলে দেশত বৃদ্ধি পোৱা অবিবাহিত যথেষ্ট সংখ্যক স্ত্রীয়েও সুখ পাব। উল্লেখযোগ্য যে এই অধ্যাপকগৰাকী হৈছে ফুদান বিশ্ববিদ্যালয়ৰ অধ্যাপক।
অধ্যাপক এনজিয়ে কয় যে, ক্রমবর্ধমান প্রতিযোগিতাৰ কাৰণে অবিবাহিত কইনাৰ পক্ষে ভবিষ্যতে উপযুক্ত দৰাৰ সন্ধান কৰা খুব কঠিন হ’ব। মধ্যবয়সীয়া অবিবাহিত ব্যক্তিৰ পক্ষে যুবকসকলৰ সৈতে প্রতিযোগিতা কৰাৰ বাবে কইনাৰ মন জয় কৰিব লাগিব। “যদি প্রাকৃতিক, জৈবিক আৰু মনস্তাত্ত্বিক চাহিদাসমূহ সঠিকভাবে পূৰণ কৰা নহয় তেতিয়া ইঅৱশ্যেই তেওঁলোকৰ সুখৰ ওপৰত বেয়া প্রভাৱ পেলাব।”
ইফালে এই সঙ্কট মোকাবিলাত চীনা অর্থনীতিবিদগৰাকীয়ে দুটা পৰামর্শ দিছে। প্রথম, পতিতাবৃত্তি বৈধ কৰা উচিত আৰু দ্বিতীয়তে, বহু বিবাহৰ অনুমোদন দিয়া উচিত । ইয়াৰ অধীনত আইনী পদ্ধতিত মহিলাক দুই বা ততোধিক স্বামী ৰখাৰ অধিকাৰ দিব লাগিব। চীনা আইন অনুসাৰি এতিয়াও মাত্ৰ এটা বিয়া কৰোৱাৰ অনুমতি আছে। তেওঁ লগতে কয়, তিব্বতত ইতিমধ্যে এই অনুশীলন আৰম্ভ হৈ গৈছে। তেওঁৰ মতে এনে বহু লোক আছে, যিয়ে বিচাৰে যে এগৰাকীও পত্নী নথকাতকৈ এগৰাকী পত্নীক ভাগ কৰি লোৱাও ভাল।










