ASSAM TIMES POST
নিউজ ডেক্স:
একেটা ভুলকে বাৰম্বাৰ কৰিছে কেন্দ্ৰই৷ প্ৰত্যেকবাৰ আশা কৰে, এইবাৰ বোধহয় ফল পাব৷ এয়া এক মূর্খামিৰ বাদে আন একো নহয়৷ এনেদৰে ক’ৰোনা সন্দৰ্ভত কেন্দ্ৰৰ ৰণনীতিক সমালোচনা কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে৷ যোৱা ২৪ মাৰ্চত দেশত লকডাউন ঘোষণা কৰিছিল মোডী চৰকাৰে৷ ৩১ মে’ৰ পৰা আনলক জাৰি কৰে৷
এই সময়ৰ মাজত দেশত ক’ৰোনা সংক্ৰমণ কমা নাই৷ বৰং হৰহুৰাই বাঢ়িছে৷ সম্প্ৰতি এটা টুইটৰ প’ষ্টত পাঁচটা গ্ৰাফৰ ছবি প’ষ্ট কৰি ৰাহুল গান্ধীয়ে কয়, ব্ৰিটেইন, স্পেইন, ইটালী দৰে দেশত কি দৰে লকডাউনৰ পাছত সংক্ৰমণৰ হাৰ দ্ৰুত গতিত কমিছে৷
কিন্তু ভাৰতত বিপৰীত ঘটনা ঘটিছে৷ ৰাহুলৰ বক্তব্য, দুমাহ লকডাউন দিয়াৰ পাছত এতিয়া যিদৰে অর্থনৈতিক ক্ষেত্ৰবোৰ খুলি দিয়াৰ সময় আহিছে, তেনে সময়ত দ্ৰুত হাৰত দেশত সংক্ৰমণ বাঢ়িবলৈ আৰম্ভ কৰিছে৷ টুইটাৰত ৰাহুল গান্ধীয়ে লিখিছে, এটা চূড়ান্ত ব্যৰ্থ লকডাউন এইদৰেই দেখা হয়৷










