ASSAM TIMES POST
নিউজ ডেক্স:
দ্ৰুত গতিত চৰিত্ৰ সলনি হৈছে ক’ৰোনাৰ৷ সময় যিমানে আগুৱাইছে তাতকৈ বেছি সংক্ৰামক হৈ উঠিছে এই ভাইৰাছ৷ এই কথা কৈছে এদল মার্কিন গৱেষকে৷ মার্কিন যুক্তৰাষ্ট্রৰ ফ্লৰিডাৰ স্ক্রিপছ ৰিচাৰ্চ ইনষ্টিটিউটৰ বিজ্ঞানীসকলে কয়, সাম্প্রতিক গৱেষণাত দেখা গৈছে অ’ত দিন ক’ৰোনা ভাইৰাছৰ যি চৰিত্ৰ ইউৰোপ আৰু আমেৰিকাত লক্ষ্য কৰা গৈছিল তাৰ দ্ৰুত সলনি হৈছে৷
জিনিটিক মিউটেছনৰ মাধ্যমত দ্ৰুতগতিত নিজকে সলনি কৰিছে ক’ৰোনাই৷ হঠাৎ ভাইৰাছটোৰ কোষ বিভাজন বাঢ়ি যায়৷ ফলত দিনকদিনেহভাইৰাছটোৰ সংক্ৰমিত কৰাৰ ক্ষমতা বহু গুণে বাঢ়ি যায়৷ এনেদৰে চলি থাকিলে ভেকছিন আবিষ্কাৰৰ কাম অধিক জটিল হৈ পৰিব৷
তেওঁলোকে কয়, ভাইৰাছটোৰ চৰিত্ৰ বেছিকৈ বদলি নঘটিলে ভেকছিন আবিষ্কাৰৰ কাম বহু সহজ হয়৷ গৱেষণাত দেখা গৈছে ক’ৰোনাত আৰএনএৰ চৰিত্ৰ দ্ৰুত পৰিবৰ্তন হৈছে৷










