ASSAM TIMES POST
নিউজ ডেস্ক:
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনিৰ বায়োপিক এমএছ ধোনি: দ্য আনটল্ড ষ্টৰীত অভিনয় কৰি ভাৰতীয় ক্রিকেটাৰসকলৰ প্রিয় বলিউদ তাৰকাত পৰিণত হৈছিল তেওঁ। যাৰ কাৰণে সুশান্তৰ অপমৃত্যুত ভাৰতীয় ক্রীড়াঙ্গনত শোকৰ মাত্ৰা অতি বেছি।
শোকত স্তব্ধ হৈ গৈছে কোহলি বাহিনী। ৰিল লাইফৰ ধোনিৰ আত্মঘাতী হোৱাৰ খবৰ এতিয়াও বিশ্বাস কৰিব পৰা নাই লিটল মাষ্টাৰ শচীন টেণ্ডুলকাৰে।টুইটত মাষ্টাৰ-ব্লাষ্টাৰে লিখিছে, সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ খবৰ শুনি মই স্তম্ভিত। অতি প্রতিভাবান তৰুণ এজন অভিনেতা আছিল। তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ প্রতি মোৰ সমবেদনা জনালোঁ।তেওঁৰ আত্মাৰ শান্তি কামনা কৰিলোঁ।একেদৰে এই খবৰত বিস্ময় প্রকাশ কৰিছে ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলিয়েও।
শোক প্ৰকাশ কৰি তেওঁ টুইট কৰিছে, সুশান্ত সিং ৰাজপুতৰ ঘটনা শুনি মই বিস্মিত।খবৰটো মানি ল’বলৈ সময় লাগিব। তেওঁৰ আত্মাৰ শান্তি কামনা কৰিলোঁ। এই কঠিন সময়ত ঈশ্বৰে তেওঁৰ পৰিয়াল-পৰিজনক শক্তি দান কৰক।ৰাজপুতৰ মৃত্যুৰ খবৰ শুনি ভাৰতীয় দলৰ প্ৰাক্তন স্পিনাৰ হৰভজন সিঙে টুইটত লিখেছে, দয়া কৰি আমাক কোনোৱে কওক খবৰটো মিছা।
উল্লেখযোগ্য যে দেওবাৰে দুপৰীয়া বান্দ্রাৰ ফ্ল্যাটৰ পৰা সুশান্ত সিং ৰাজপুতৰ ওলমি থকা মৃতদেহ উদ্ধাৰ কৰিছিল আৰক্ষীয়ে। প্রাথমিক ধাৰণাত আত্মহত্যা বুলি অনুমান হ’লেও আৰক্ষীয়ে কৈছে সুশান্তৰ ঘৰৰ পৰা কোনো ছুইছাইড নোট পোৱা নাই।তদন্তৰ পিছতহে সিদ্ধান্ত ল’ব পৰা যাব কেনেদৰে মৃত্যু হ’ল এইগৰাকী জনপ্রিয় অভিনেতাৰ।










