ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ:
পেছাত মহাৰাষ্ট্ৰ চৰকাৰৰ শক্তি বিভাগৰ অভিযন্তা। ক’ৰোণাৰ ভয়াৱহতাকো উপেক্ষা কৰি মহাৰাষ্ট্ৰৰ পুনেৰ পৰা কণমানি পুত্ৰসহ পলাই আহিছে প্ৰেমিকৰ লগত। এনে এক ঘটনা পোহৰলৈ আহিছে কৰিমগঞ্জত।কণমানি পুত্ৰসহ এগৰাকীমহিলাক পলাই লৈ অহা ভইবব লক্ষণ পাতিল নামৰ এগৰাকী যুৱকক আটক কৰিলে কৰিমগঞ্জ আৰক্ষীয়ে।
মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ খবৰৰ ভিত্তিত কৰিমগঞ্জ আৰক্ষীয়ে অভিযান চলাই ৮নং ৰাষ্ট্ৰীয় ঘাঁইপথৰ নিলামবজাৰ অঞ্চলৰ পৰা এখন বিলাসী গাড়ীসহ আটক কৰে অভিযুক্ত ভইবব লক্ষণ পাতিল আৰু কণমানি পুত্ৰসহ এগৰাকী মহিলাক।
লগতে আটক কৰে কৰিমগঞ্জ জিলাৰ ৰাতাবাৰীৰ আন এক যুৱকক।মহিলাগৰাকী পেছাত মহাৰাষ্ট্ৰ চৰকাৰৰ শক্তি বিভাগৰ অভিযন্তা আৰু ভইবব এটা ট্ৰেভেল এজেন্সীৰ মালিক। বহুদিন ধৰি মহিলা আৰু ভইববৰ মাজত গড়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক। আৰু দুয়ো দুয়োকে নিজৰ কৰি লোৱাৰ হেঁপাহত সকলো বাধাক নেওচি পলাই আহিল কৰিমগঞ্জলৈ।
মহিলাগৰাকীৰ স্বামী অমৰ মাণ্ডলীয়ে মুম্বাইৰ এখন আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল সেই গোচৰৰ ভিত্তিত মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ তথ্য আৰু অনুৰোধত আটক কৰা হয় তেওঁলোকক।মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ লোক কৰিমগঞ্জত উপস্থিত হৈ তেওঁলোকক মুম্বাইলৈ লৈ যোৱাৰ সম্ভাৱনা আছে।










