ASSAM TIMES POST
ডিফু:ৰাজ্যৰ অনান্য প্ৰান্তৰ দৰে কাৰবি আংলং জিলাতো বহিঃৰাজ্যৰ পৰা অহা শ্ৰমিক সকলক বিভিন্ন প্ৰতিষ্ঠান আৰু হোটেল আদিত কোৱাৰেণ্টাইন ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷
বিগত কেইদিন ধৰি একাংশ কোৱাৰেণ্টাইন কেন্দ্ৰত থকা লোকসকলে কোৱাৰেণ্টীন কেন্দ্ৰ সমূহৰ বিভিন্ন অভিযোগ উত্থাপন কৰাৰ পিছত আজি জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই আজি ডিফুৰ আৱৰ্ত ভৱনত বিভিন্ন জনজাতীয় আৰু ছাত্ৰ আৰু সামাজিক সংগঠন সমূহক লৈ এক বৈঠক আয়োজন কৰে ৷
বৈঠকত উপায়ুক্ত গৰাকী উত্থাপিত অভিযোগ সমূহ সমাধা কৰিবৰ বাবে কিকি ব্যৱস্থা গ্ৰহণ কৰিছে সেই সন্দৰ্ভত বৈঠকত ব্যক্ত কৰে ৷ সভাত ডিফু চহৰত একাংশ ৰাইজে মাস্ক পৰিধান নকৰি মুকলি মনে ঘূৰি ফুৰা কাৰ্যকলৈ উদ্বিগ্নতা প্ৰকাশ কৰে সাংবাদিকদ্বয় কাংবুৰা ছিংনাৰ আৰু আগষ্টিন টেৰণে ৷
আনহাতে একাংশ কোৱাৰেণ্টাইন কেন্দ্ৰত কোৱাৰেণ্টাইনত থকা লোক সকলে কোৱাৰেণ্টাইন কেন্দ্ৰৰ নীতি- নিয়মৰ উলংঘন কৰি সমাজলৈ শংকা নমাই অনা বুলি আশংকৈ কৰে ছাত্ৰ নেতা লাইচান ইংলেঙ আৰু বিজয় বে’ই ৷ আনহাতে কোৱাৰেণ্টাইনত থকা লোক সকলক সহানুভূতিৰে চাবলৈ অনুৰোধ কৰে ষ্টেলিন ইংতিয়ে৷
ইয়াৰোপৰি জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰা , জাকাছৰ অধ্যক্ষ খৰছিং টেৰণে ক’ভিড ১৯ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে সজাগ হোৱাৰ লগতে গাওঁ অঞ্চলতো সজাগতা বৃদ্ধি কৰি প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ সৈতে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় লগতে ৰাইজক ক’ভিড ১৯ কলৈ বিস্তাৰিত ভাবে বুজাবলৈ আহ্হান জনায়৷
নিৰ্দ্ধাৰিত প্ৰট’কলৰ মাজত ক’ভিড ১৯ ৰ মৃতদেহ দাহ কৰিবলৈ নিদিয়াটো এটা অবৈজ্ঞানিক চিন্তা, শদাহ কৰিলে সকলো ভাইৰাছ পুৰি শেহ হয় ৷ সেয়ে শদাহ কৰাত বিতৰ্ক হোৱাটো অমূলক বুলি কয় জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰাই ৷বৈঠকত গাঁৱে গাঁৱে কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপন কৰি সেইবোৰ ভালদৰে চোৱা- চিতা কৰাৰ লগতে সেইবোৰ কাউঞ্চেলিঙ কৰাৰো পৰামৰ্শ আগবঢ়ায় বিভিন্নজনে ৷
ইয়াৰ বাবে জিলা উপায়ুক্তই বিভিন্ন দল সংগঠন আৰু সামাজ্ক সংগঠন সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱাৰ লগতে সামাজিক মাধ্যম সমূসমূহৰ জৰিয়তে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷
ক’ভিড ১৯ ৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে উপায়ুক্ত কাৰ্যালয়ৰ তৰফৰ পৰা এক হুৱাটছএপ গ্ৰুপ সৃষ্টি কৰা হব আৰু উক্ত গ্ৰুপত সাংবাদিক আৰু সামাজিক দল- সংগঠনক সংযুক্ত কৰা হব, যদিও উক্ত বিষয়ৰ বাবে ব্যৱহাৰ কৰা গ্ৰুপটোত ক’ভিড বা কৰ’না সংক্ৰান্তীয় বিষয়ৰ বাহিৰে অইন বিষয় আপলুড নকৰিবলৈ কয় জিলা উপায়ুক্ত গৰাকীয়ে ৷













