ASSAM TIMES POST
নিউজ ডেস্ক:
পূব লাডাখৰ গালৱান উপত্যকাত নিহত ভাৰতীয় জোৱানসকলৰ মৃত্যু বেদনাদায়ক। তেওঁলোকৰ বলিদান দেশে কেতিয়াও নাপাহৰে। এক শোকবার্তাত এনেদৰে কয় প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে।উল্লেখ্য, গালৱানত ভাৰত-চীন সেনা সংঘর্ষ আৰম্ভৰ পিছৰ পৰাই নতুন দিল্লীত দেখা গৈছে চূড়ান্ত তৎপৰতা।
ইখনৰ পিছত সিখন শীর্ষ সামৰিক বিষয়া আৰু মন্ত্রীসকলৰ বৈঠক অনুষ্ঠিত হৈছে। অৱশ্যে চৰকাৰীভাৱে কোনো ধৰণৰ বিবৃতি প্ৰকাশ কৰা নাই কোনো মন্ত্রীয়েও। কিন্তু এই প্রথম মুখ খুলিলে প্রতিৰক্ষামন্ত্রীয়ে।
নিহত জোৱানসকলক শ্রদ্ধা আৰু,পৰিয়াল প্রতি সমবেদনা জনালে ৰাজনাথ সিঙে। ‘জোৱানসকলৰ এই বলিদান দেশে নাপাহৰে’ বুলিও টুইটাৰত লিখে তেওঁ।










