ASSAM TIMES POST
নিউজ ডেস্ক:
লাডাখত চীনৰ বিৰুদ্ধে যুদ্ধৰ দাবানল৷ এনে সময়ত ভাৰতীয় সেনাক শক্তিশালী কৰিবলৈ বদ্ধপৰিকৰ কেন্দ্ৰ৷ সেই হিচাপেই শুকুৰবাৰে ১২ খন অত্যাধুনিক সুখই আৰু ২১ খন মিগ-২৯ যুদ্ধ বিমান কিনাৰ পৰিকল্পনা কৰিছে ভাৰতে৷
ইয়াৰ কাৰণে বায়ুসেনাক ৫ হাজাৰ কোটি টকা আৱণ্টন দিছে৷ বায়ুসেনাক অধিক নতুন কৰি সজাবলৈ ইতিমধ্যে ৩৩ খন নতুন কমবেট এয়াৰক্ৰাফ্ট কিনাৰ প্ৰস্তাৱ দিয়া হৈছে৷ ইয়াৰ মাজত থাকিব ১২খন সুখই আৰু ২১ খন মিগ-২৯৷
যুদ্ধ বিমানবোৰ সোনকালে কিনিবৰ বাবে কেন্দ্ৰৰ ওচৰত বায়ুসেনাৰ তৰফৰ পৰা অনুদান বিচৰা হৈছে৷ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ওচৰত ভাৰতীয় বায়ুসেনাই এই ৫ হাজাৰ কোটি টকাৰ প্ৰকল্প বাস্তৱায়িত কৰাৰ বাবে অনুৰোধ কৰা হৈছে৷
বিশেষ সূত্ৰ মতে অহা সপ্তাহত এই অনুদানৰ সিদ্ধান্ত ল’ব প্ৰতিৰক্ষা মন্ত্ৰালয়ে৷ ৰাছিয়াৰ পৰা মিগ–২৯ এবাৰ কিনিবৰ বাবে আগতে চুক্তি হৈছিল যদিও তাৰ সলনি আন কেতবোৰ সংযোজন হ’ব৷
বৰ্তমানে চীনৰ সৈতে হোৱা সংঘাতৰ বাবে নিক্ষেপযোগ্য ব্রহ্মছ ক্রুজ মিছাইল ব্যৱহাৰৰ বাবে চৰকাৰে সেউজ সংকেত দিছে৷ ফলত নিৰাপদ দূৰত্বৰ পৰা চীনা ঘাটি বিমানত আঘাত কৰিব পাৰিব ভাৰতৰ বায়ুসেনাই৷










