ASSAM TIMES POST
নিউজ ডেস্ক:
দিনৰ আকাশত শুক্ৰ গ্ৰহ দেখিবলৈ পোৱা গ’ল জয়পুৰৰ আকাশত৷ এই কথা জনাইছে বি এম বিড়লা তাৰকামণ্ডলৰ বিষয়া চায়নদীপ ভট্টাচার্যই৷ উল্লেখ্য যে ২১ জুনত সূর্যগ্রহণ পৰ্যৱেক্ষণ কৰিবৰ বাবে প্রস্তুতি চলাই আছিল বিষয়াজনে৷
এই প্ৰস্তুতিৰ মাজতে দিনৰ ২ বজাত সূৰ্যৰ কাষত শুক্ৰ গ্ৰহটো তেওঁৰ চকুত পৰে৷ বিষয়াজনে কয়, এনেদৰে এই সময়ত শুক্ৰ গ্ৰহটো দেখিবলৈ পাম বুলি আশাই কৰা নাছিলো৷ তেওঁ উত্তেজিত হৈ পৰিছিল বুলিও লগতে উল্লেখ কৰি কয়, অপূৰ্ব সেই দৃশ্য৷
নক্ষত্রমণ্ডলক লৈ দীৰ্ঘ দিনে গৱেষণা কৰাৰ পাছত প্ৰথমবাৰৰ বাবে আকাশত শুক্ৰ গ্ৰহটো চকুত পৰে৷ সাধাৰণতে হিমালয়ৰ আশেপাশে কেতবোৰ এলেকাত কোনো কোনো সময়ত গ্ৰহটো দেখা যায়৷ কিন্তু আকাশ সম্পূৰ্ণ পৰিষ্কাৰ থাকিলেহে ই সম্ভৱ৷










