ASSAM TIMES POST
নিউজ ডেস্ক:
সুশান্ত সিং ৰাজপুতৰ মৃত্যুতে বলিউডত উঠিছে বহু প্রশ্ন। স্বজন-তোষণৰ অভিযোগ তুলিছে বহুতেই। অভিযুক্তসকলৰ তালিকাত আছে চলমান খানো। একাধিক অভিনেতাৰ কেৰিয়াৰ নষ্ট কৰি দিয়াৰ অভিযোগ উঠিছে তেওঁৰ বিৰুদ্ধে। এনেকুৱা গোচৰো ৰুজু হৈছে, য’ত চালমানৰ নাম আছে।
সুশান্তৰ মৃত্যুৰ প্রায় এক সপ্তাহ পিছত সেই প্রসঙ্গত মুখ খুলিলে চলমান খানে। শনিবাৰে এটি ট্যুইট কৰে তেওঁ। অনুৰাগীসকলৰ উদ্দেশ্যে তেওঁ লিখিছে, ‘মোৰ অনুৰাগীসকলৰ ওচৰত অনুৰোধ, সুশান্তৰ অনুৰাগীসকলৰ কাষত থাকক।
তেওঁলোকৰ কথাত একো প্ৰতিক্ৰিয়া নকৰিব, এইবোৰৰ পিছত থকা তেওঁলোকৰ আবেগৰ কথাটি ভাবক। অনুগ্ৰহ কৰি তেওঁলোকৰ পৰিয়াল আৰু অনুৰাগীসকলৰ ওচৰত থাকক। প্রিয়জন গুচি যোৱাটো খুবেই কষ্টকৰ।’
উল্লেখযোগ্য যে সুশান্তৰ মৃত্যুত বিহাৰৰ মজফফৰপুৰৰ এখন আদালতত গোচৰ ৰুজু হৈছে। অভিযুক্ত হিচাবে নাম আছে বিখ্যাত বলিউডি ব্যক্তিত্বৰ।
এই গোচৰত জড়িত হৈ পৰিছে চলমান খান, কৰণ জোহৰ, সঞ্জয় লীলা বনশালি, একতা কাপুৰো। অধিবক্তা সুধীৰ কুমাৰ ওঝাই তেওঁলোকৰ প্রত্যেকৰে বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। ভাৰতীয় দণ্ডবিধিৰ ৩০৬, ১০৯, ৫০৪ ও ৫০৬ ধাৰাত গোচৰ ৰুজু কৰা হৈছে বুলি খবৰ প্ৰকাশ।










