ASSAM TIMES POST
নিউজ ডেস্ক:
অর্থনীতিত নোবেল বঁটা লাভ কৰি সমগ্র দেশৰ নাম উজলাইছিল বঙ্গ-সন্তান অভিজিৎ বিনায়ক বেনাৰ্জীয়ে। অৱশ্যে মোদীৰ অর্থনৈতিক পৰিকল্পনাক সমালোচনা কৰাত অভিজিতৰ ওপৰত ৰুষ্ট হৈছিল গেৰুৱা শিবিৰ। এইবাৰ প্রধানমন্ত্রীক লৈ বিস্ফোৰক মন্তব্য কৰাত পুনৰ সংবাদ শিৰোনামলৈ আহিছে নোবেল বিজয়ীৰ নাম।
সম্প্রতি সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয়, “নেতাৰ অভাৱতহে ভাৰতৰ প্রধানমন্ত্রী হ’বলৈ পাৰিছে মোদীয়ে”। তেওঁৰ এই মন্তব্যক লৈ ইতিমধ্যেই আৰম্ভ হৈছে তুমুল জল্পনা। ইয়াৰ পূৰ্বে ভাৰতৰ অর্থনৈতিক আন্তঃগাঁঠনিৰ ত্রুটি-বিচ্যুতিক লৈ খোলাখুলিভাৱে সমালোচনা কৰিলেও প্রধানমন্ত্রীৰ বিৰুদ্ধে এনেদৰে প্ৰত্যক্ষ বিস্ফোৰক মন্তব্য কৰা নাছিল।
সাক্ষাৎকাৰটোত তেওঁ লগতে কয়, “নৰেন্দ্র মোদী জনপ্রিয়তাৰ ফলত জয়ী হৈছে বুলিয়েই এইটো নহয় যে তেওঁৰ সকলো সিদ্ধান্ত সঠিক।” তেওঁ আৰু কয়, “দেশত আৰু কোনো নেতা নাই বুলিহে জনগণে মোদীক ভোট দিছে”।কোৱা বাহুল্য যে, ইয়াৰ পূৰ্বে মোদীৰ অর্থনৈতিক পৰিকল্পনাৰ সমালোচনা কৰাত বিজেপি নেতাসকলৰ ৰোষৰ সন্মুখীন হৈছিল তেওঁ।
কেন্দ্রৰ ৰে’ল আৰু বাণিজ্যমন্ত্রী পীযুষ গোৱেলে তেওঁক ‘বামপন্থী’ বুলি কটাক্ষ কৰিছিল। পুনৰ কেন্দ্রৰ ৰাজনীতি আৰু নৰেন্দ্র মোদীৰ বিৰুদ্ধে মন্তব্য কৰাত তীব্র আক্ৰমণ আৰম্ভ হৈছে তেওঁক লৈ।










