ASSAM TIMES POST
নিউজ ডেস্ক:
পৰলোক প্ৰাপ্তি ঘটিল বলিউডৰ কৰিঅগ্রাফাৰ সৰোজ খানৰ। বৃহস্পতিবাৰে মাজনিশা মুম্বাইৰ হস্পিটেলত হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। বুধবাৰে নিশাৰ পৰাই তেওঁৰ অৱস্থাৰ অবনতি ঘটিছিল। অৱশেষত নিশা দুই বজাত শেষ নিঃশ্বাস ত্যাগ কৰে তেওঁ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ।
উল্লেখযোগ্য যে ২০ জুনত শ্বাসকষ্টৰ সমস্যাৰ বাবে বান্দ্রাৰ গুৰু নানক হস্পিটেলত ভর্তি হৈছিল সৰোজ খন। অন্যান্য লক্ষণ নাথাকিলেও শ্বাসকষ্টৰ সমস্যা থকাত তেওঁৰ কোভিড-১৯ পৰীক্ষা কৰা হয়। সেই পৰীক্ষাৰ ৰিপোর্ট নেগেটিভ আহিছিল। মূলত ঠাণ্ডা লগাৰ বাবেই তেওঁৰ শ্বাসকষ্টৰ সমস্যা দেখা দিছিল। ২৪ জুনত পৰিয়ালে জনাইছিল পর্যবেক্ষণত থাকিলেও তেওঁৰ অৱস্থাৰ উন্নতি হৈছে। পৰিস্থিতিৰ অৱনতি নহ’লে অহা দুই-তিনি দিনৰ ভিতৰতে হস্পিটেলৰ পৰা ৰিলিজ দিয়াৰ কথা আছিল।
কিন্তু বান্দ্রাৰ হস্পিটেলৰ পৰা আৰু ঘৰলৈ ঘূৰি অহা নহ’ল সৰোজৰ। হৃদ্যন্ত্র বিকল হৈ বৃহস্পতিবাৰে মাজনিশা পৃথিবীৰ পৰা বিদায় লয় তেওঁ। প্রায় চাৰি দশক ধৰি বলিউডৰ সৈতে জড়িত আছিল তেওঁ। দুই হাজাৰৰো অধিক গানত কৰিঅগ্রাফি কৰিছে তেওঁ। তিনিবাৰ ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিল তেওঁ।