নিউজ ডেস্ক :
দুটা মজলীয়া আকাৰৰ ভূমিকম্পই আজি জোকাৰি গ’ল দেশৰ দুই বিপৰীত প্ৰান্ত। ইয়াৰে এটা গুজৰাটত আৰু আনটো মিজোৰামত। গুজৰাটৰ কোচ জিলাৰ ভাছাউত অভিকেন্দ্ৰ থকা ভূমিকম্পটো বিয়লি ৫.১১টাত অনুভূত হয়। ৰিকটাৰ স্কেলত ইয়াৰ প্ৰাবল্য ৪.২।
দ্বিতীয়টো ভূমিকম্প সন্ধিয়া ৫.২৬ত মিজোৰামৰ সামফাই জিলাত অনুভূত হয়। ইয়াৰ প্ৰাবল্য ৪.৬।