![]()
নিউজ ডেক্স:
ভাৰতত চীনা এপবোৰ বন্ধ কৰি দিয়া হ’ল৷ ইয়াৰ পাছত ভাৰতত নতুনকৈ এপ তৈয়াৰ কৰা হৈছে৷ চীনৰ ৫৯টা এপৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ পাছত দেশীয় পণ্য ব্যৱহাৰৰ প্ৰৱনতা বাঢ়িছে৷
এনে পৰিস্থিতিত আত্মনির্ভৰ ভাৰত প্ৰচাৰৰ আওতাত দেশীয় ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘এলিমেণ্টছ’ এপ আনিছে ভাৰতীয় প্ৰতিষ্ঠানে৷ এণ্ড্ৰইড আৰু আইঅ’এছ উভয়তে উপলব্ধ এই এপ৷
আঠটা আঞ্চলিক ভাষা ব্যৱহাৰ কৰিব পাৰি ‘এলিমেণ্টছ’ এপত৷ বিনামূল্যে এই এপ ব্যৱহাৰ কৰিব পাৰি৷ এপৰ ভিতৰত আছে অডিঅ’, ভিডিঅ’ আৰু কনফাৰেন্স কলৰ সুবিধা৷












