![]()
বিশেষ প্ৰতিবেদন:
শৈশৱ কালৰ পৰা লিখা পঢ়াৰ প্ৰতি অদম্য হেঁপাহ আৰু ডাঙৰ কিবা এটা কৰাৰ ইচ্ছা ৰশ্মীৰ ৷ মেধাবী ৰশ্মী প্ৰতিদিন ২৪ কিলোমিটাৰ চাইকেল চলাই স্কুললৈ গৈছিল ৷ সকলো বাধা- বিঘিনি নেওচি হলেও স্কুললৈ যাবই লাগিব ৷
এইবাৰ সেই কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিলে ৰশ্মীয়ে ৷ দশম শ্ৰেনীৰ পৰীক্ষাত দূৰ্দান্ত ফলাফল লাভ কৰি সকলোকে বিস্মিত তৰি তুলিলে ৰশ্মীয়ে ৷ ৰশ্মী ভাদুৰীয়াৰ পিতৃ কৃষক ৷ দিনৰ ভাত দিনে মোকলোৱা ৰশ্মীয়ে লিখা- পঢ়াকেই নিজৰ আপোন কৰি লৈছিল মেধাবী কিশোৰী গৰাকীয়ে ৷ কিন্ত সময়মতে স্কুল পোৱাটো আছিল এক দুঃসাধ্য বেপাৰ ৷
কাৰণ প্ৰতিদিন ২৪ কিলোমিটাৰ চলাই বিদ্যালয়লৈ যোৱাটো মুখৰ কথা নাছিল ৷ ইয়াৰোপৰি বহুখিনি সময় স্কুললৈ অহা- যোৱা কৰোতেই ব্যয় হৈছিল ৷ তাৰ পিছতো ঘৰুৱা কাম- কাজ কৰিও লিখা – পঢ়া ভালদৰে চলাই নিছিল ৰশ্মীয়ে ৷মাধ্যমিক পৰীক্ষাৰ ফলাফলেই তাইৰ পৰিশ্ৰমৰ ফচল ৷ ৯৮’৭৫ শতাংশ নম্বৰ লাভ কৰি সমগ্ৰ মধ্য প্ৰদেশৰ ভিতৰত অষ্টম স্থান লাভ কৰিছে মেধাবী ছাত্ৰী ৰশ্মী ভাদুৰীয়াই ৷
“মন কৰিলেই যে ছন হয় ” এই আপ্ত বাক্যশাৰীৰ যথাৰ্থ প্ৰমাণ কৰি দেখুৱালে এই মেধাবী ছাত্ৰী গৰাকীয়ে ৷ ১৫ বছৰীয়া কিশোৰীগৰাকী এতিয়া গাঁৱৰ অনুপ্ৰেৰণা ৷ নিজ কন্যাৰ কৃতীত্বত গৌৰাৱান্বিত কৃষক পিতৃ পুৰুষোত্তম ভাদুৰীয়া ৷
এইবাৰ কন্যাক বিদ্যালয়লৈ পঠাবলৈ বিকল্প যাতায়ত ব্যৱস্থাৰ সন্ধানত আছে তেওঁ ৷ তেওঁ কয়যে অষ্টম শ্ৰেণী পৰ্যন্ত ছোৱালীজনী যি স্কুললৈ গৈছিল তালৈকে বাছৰ পৰিসেৱা আছিল যদিও মেগাঁৱৰ চৰকাৰী বিদ্যালয়লৈ যাওঁতে তাইৰ সমস্যাৰ সৃষ্টি হয় ৷ গাঁৱৰ পৰা ১২ কিল’মিটাৰ দূৰত সেই স্কুল ৷ বাছ সেৱাও নাই ৷ সেয়ে চাইকেল ৰশ্মীৰ একমাত্ৰ ভৰসা আছিল ৷
দুইবছৰ ধৰি তাই চাইকেলেৰেই বিদ্যালয়লৈ অহা – যোৱা কৰি আছে ৷ কিন্তু মেধাবী কন্যাৰ বাবে অন্য গাড়ীৰ ব্যৱস্থা কৰিব পিতৃয়ে ৷ ছাত্ৰীৰ কৃতীত্বত গৌৰাৱান্বিত তাইৰ স্কুলৰ শিক্ষক- শিক্ষয়িত্ৰী সকলো ৷ ইফালে ৰশ্মীয়ে তাইৰ সকলো কষ্ট পাহৰি গ’ল তাইৰ পৰীক্ষাৰ ফলাফলত ৷
তাই কয়, প্ৰতিদিন চাইকেলেৰে স্কুললৈ যাওঁতে কিছু কষ্ট হৈছিল যদিও কিমান দিন চাইকেলেৰে গৈছিলো গণণা কৰা নাছিলো ৷ পিতৃৰ সময় হলে মাজে সময়ে মটৰ চাইকেলেৰে মোক স্কুললৈ লৈ গৈছিল ৷ আৰু ঘৰত আহি ৭-৮ ঘণ্টাকৈ অধ্যয়ণ কৰো ৷ ভৱিষ্যতলৈ তাই এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ হেঁপাহ পুহি ৰাখিছে মেধাবী ছাত্ৰী ৰশ্মী ভাদুৰীয়াই ৷












