![]()
নিউজ ডেস্ক:
ক’ৰোনা সংক্রমণত দেশৰ সাম্প্রতিক পৰিস্থিতিৰ ওপৰত নজৰ ৰাখি সোমবাৰে পান- আধাৰ কার্ড সংযুক্তিকৰণৰ সময়সীমা বৃদ্ধি কৰি ৩১ মার্চ, ২০২১ পর্যন্ত কৰাৰ কথা ঘোষণা কৰে আয়কৰ বিভাগে।টুইটাৰত এই কথা ঘোষণা কৰিছে আয়কৰ বিভাগে।
টুইটত কয়, “আমি সাম্প্রতিক পৰিস্থিতিৰ বিচাৰ-বিবেচনা কৰি পান কার্ডৰ সৈতে আধাৰ কার্ডৰ লিঙ্কৰ সময়সীমা বৃদ্ধিৰ সিদ্ধান্ত লৈছো।” উল্লেখযোগ্য যে আধাৰ কার্ডৰ সৈতে পান কার্ডৰ লিঙ্কৰ সময়সীমা আছিল ৩০ জুন, ২০২০ পর্যন্ত।
সেই সময়সীমা বৃদ্ধি কৰি ৩১ মার্চ, ২০২১ পর্যন্ত ঘোষণা কৰা হৈছে। আয়কৰ ৰিটার্নসহ একাধিক কামত আধাৰ আৰু পান লিঙ্ক কৰা আৱশ্যক।
এছএমএছৰ জৰিয়তে পান আৰু আধাৰ লিঙ্ক :
SMSৰ মাধ্যমেৰে অতি সহজেই ঘৰত বহিয়েই আধাৰ কার্ডৰ সৈতে পান কার্ড লিঙ্ক কৰা সম্ভব। এইক্ষেত্রত 56161 বা 567678 নম্বৰত এটি এছএমএছ কৰিব লাগিব আপোনাৰ ৰেজিস্টার্ড মোবাইল নম্বৰৰ পৰা।
টেক্সটৰ স্থানত লিখিব লাগিব UIDPAN। উদাহৰণ স্বৰূপে, আপোনাৰ আধাৰ নম্বৰ 586738291086 আৰু পান নম্বৰ যদি KBJH11234M যদি হয়, তেনেহ’লে আপুনি টেক্সটত লিখিব লাগিব UIDPAN 586738291086 KBJH11234M আৰু সেই মেছেজটো পঠাব লাগিব 56161 বা 567678 নম্বৰত।












