![]()
নিউজ ডেস্ক:
দেশত চলিছে ক’ৰোনা প্রকোপ। এইসময়ত টকা পইছাৰ প্ৰয়োজন প্ৰত্যেকৰ । এনে পৰিস্থিতিত সকলোৱে ভাবিছে এনে ঠাইত টকা ৰাখিলে য’ত ভাল সুতৰ লগতে টকা নিৰাপদ থাকে। এইক্ষেত্রত সঠিক স্থান হল ডাকঘৰ। ডাকঘৰত মাহিলী ছেভিংছ স্কীমত বিনিয়োগ কৰি বছৰত সুত পাব পাৰে ৬.৬ শতাংশ হাৰত, যি বহু বেংকতকৈও বেছি৷
স্কীম সম্পর্কত বিশেষ কথা:
ডাকঘৰত এই প্রকল্পৰ আওতাত সর্বনিম্ন ১০০০ টকা দি একাউন্ট খুলিব লাগিব । স্কীম শেষ হোৱাৰ পিছত আপোনাৰ সম্পূৰ্ণ টকাই আপুনি ওভতাই পাব ৷ এই স্কীম দীৰ্ঘ ম্যাদী নহয়, মাত্র ৫ বছৰৰ। পিছত আপুনি পুণৰায় এই স্কীমত টকা জমা দিব পাৰিব ৷ অর্থাৎ আপুনি এই একাউন্টৰ পৰা আপোনাৰ বাবে নিয়মিত আয়ৰ গেৰাণ্টি পাব পাৰে ৷
আপোনাৰ একাউন্টটো যদি স্বয়ং হয় তেনেহলে আপুনি চাৰে চাৰি লাখ টকা পর্যন্ত জমা দিব পাৰিব। আনহাতে , আপোনাৰ যদি যৌথ একাউন্ট থাকে তবে ইয়াত সর্বাধিক ৯ লাখ টকা জমা দিব পাৰে ৷
মাহিলী বিনিয়োগ প্রকল্পৰ কি সুবিধা ?
মাহিলী বিনিয়োগ প্রকল্পৰ আওতাত, বার্ষিক সুত ৬.৬ শতাংশ। এই সুদ ১২ টা মাহৰ মাজত ভাগ কৰা হয় আৰু প্রত্যেক মাহত এই সুত জমা হৈ থাকিব একাউন্টত । আপুনি যদি মাহত এই টকা নুঠায় তেন্তে এই টকাৰ ওপৰতো সুত পাব আপুনি। আপুনি যদি মেছিউৰিউটিৰ আগত টকা উঠাব খোজে , সেইক্ষত্ৰত স্কীমৰ বয়স হব লাগিব নূন্যতম ১ বছৰ।
কিন্তু আপুনি যদি আপোনাৰ স্কীমটো ১ৰ পৰা ৩ বছৰৰ মাজত ৰৈ যায়, সেইক্ষেত্ৰত আপোনাৰ জমা হোৱা পৰিমাণৰ পৰা ২ % কৰ্তন কৰা হয় , আপুনি অবশিষ্ট টকা ওভতাই পাব। যদি একাউন্টটো ৩ বছৰৰ পুৰণা হয়, সেইক্ষেত্রত ১ শতাংশ বাদ দি সম্পূৰ্ণ টকা ওভতাই পাব। স্কীমটো সম্পূর্ণ হোৱাৰ পিছত আপুনি যেতিয়া টকা উঠাব তেতিয়া সম্পূৰ্ণ টকাই পাব।
কিমা ৰিটাৰ্ণ পাব?
আপুনি যদি এই স্কীমৰ আওতাত চাৰে চাৰি লাখ টকা বিনিয়োগ কৰে তেনেহলে আপুনি বার্ষিক ২৯ হাজৰ ৭০০ কৈ টকা পাব। অর্থাৎ মাহত ২৪৭৫ টকা।
কেনেকৈ একাউন্ট খুলিব?
ইয়াৰ বাবে প্ৰথমে ডাকঘৰত ছেভিংছ একাউন্ট খুলিব লাগিব । ইয়াৰ পিছত ডাকঘৰৰ পৰা মাহেকীয়া আয় স্কীমৰ বাবে এখন ফৰ্ম পূৰণ কৰিব লাগিব ৷ আয় স্কীমৰ বাবে এটা ফর্ম পূৰণ কৰিব লাগিব । ফৰ্মৰ সৈতে জমা দিব লাগিব ১০০০ টকা। ইয়াৰ পিছত আপোনাৰ একাউণ্ট খুলিব, গতিকে পলম কিহৰ খৰখেদা কৰক ৷












