![]()
নিউজ ডেস্ক:
অৱশেষত গ্ৰেপ্তাৰ হ’ল গেংষ্টাৰ বিকাশ ডুবে। কানপুৰত ৮জন আৰক্ষীক হত্যাত অভিযুক্ত বিকাশ ডুবেক উজ্জয়িনীৰ মহাকাল মন্দিৰৰ পৰা গ্ৰেপ্তাৰ কৰা বুলি প্ৰকাশ। প্ৰাথমিক তথ্য মতে গ্ৰেপ্তাৰ কৰা লোকজনক বিকাশ ডুবে বুলি দাবী কৰিছে আৰক্ষীয়ে।
পিছত মধ্য প্ৰদেশ আৰক্ষীয়ে লোকজনৰ পৰা উদ্ধাৰ কৰা পৰিচয় পত্ৰৰ পৰা তেওঁক বিকাশ ডুবে বুলি নিশ্চিত কৰে। আনহাতে, আৰক্ষীৰ এনকাউণ্টাৰত নিহত হয় দুই সহযোগী। সহযোগী দুজন প্ৰভাত মিশ্ৰ আৰু মহুৱা ডুবে বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে বুধবাৰে বিকাশ ডুবেৰ এজন ঘনিষ্ঠ সহযোগী ৰণবীৰ ওৰফে বাব্বন শুক্লাক আৰক্ষীয়ে গুলীয়াই হত্যা কৰিছিল।












